নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোঁৱাচাঙত জলজীৱন মিছন : কাৱাছিং নিজৰাৰ পানীৰে জীৱন-যাপন গাৰোপাৰাবাসী

নিয়মীয়া বাৰ্তা, ৩ মে’ : বৰ্তমান উন্নয়নকামী চৰকাৰখনে এটাৰ পিছত আন এটা অভিলাসী আঁচনিৰ কথা উল্লেখ কৰি আহিছে। তেনে এক অভিলাসী আঁচনি হৈছে জল-জীৱন আঁচনি। কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী উন্নয়নখণ্ডৰ দক্ষিণ ভোলাগাওঁ পঞ্চায়তৰ গাৰোপাৰা ফুটুকীবাৰী পানী যোগান আঁচনিত নোলাই পানী। পানী যোগান আঁচনিটোত অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ যন্ত্ৰ-পাতি ঠিকে ব্যৱহাৰ হ’ল কিন্তু সাধাৰণ জনতাই নাপালে পানী। কিয়নো বহুদিন ধৰি পানী যোগান আঁচনিটোৰ যন্ত্ৰ-পাতি সমূহ বিকল হৈ আছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত পানী যোগান আঁচনিটোত কৰ্মৰত বিষয়াক অৱগত কৰিছিল যদিও কোনো ধৰণ সু-ফল নপোৱাত আজি গাৰোপাৰা ৰাইজ এক আলোচনাত মিলিত হয় আৰু বিভাগীয় কৰ্তিপক্ষক লিখিত আকাৰে জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আনফালে গাওঁখনৰ গাতে লাগি থকা কাৱাছিং পাহাৰৰ পৰা বৈ অহা এটি নিজৰাৰ ওপৰতে ভৰষা গাওঁখনৰ বাসিন্দা। গাওঁখনৰ প্ৰায় দেৰ শতাধিক পৰিয়ালে নিতৌ ব্যৱহাৰ কৰিবলগীয়া পানী পুৱা-গধুলী এই নিজৰাটোৰ পৰাই সংগ্ৰহ কৰে। বৰ্তমানৰ চৰকাৰে শ্লো-গান দিয়া ‘ঘৰে ঘৰে নল-ঘৰে ঘৰে জল’ সেয়া বাস্তৱত কিমান সফল এই গাওঁখনলৈ আহিলে লক্ষ্য কৰিব। জল-জীৱন আঁচনিৰ বোৰিংৰ বাবে জলপৃষ্ঠ তললৈ নামি যোৱাৰ ফলত গাওঁখনত থকা দমকল-কুৱাৰ পানী তললৈ নামি গৈছে যাৰ বাবে শুকাই গৈছে কুৱাৰ পানী। আৰু গাওঁখনৰ বৰ্তমান পানীৰ একমাত্ৰ উৎস এই নিজৰাটোৱেই। ইফালে নিজৰাটোৰ পানী নহয় স্বাস্থ্যকৰ তথাপি উপায়হীন ৰাইজে গ্ৰহণ কৰি আহিছে উক্ত নিজৰাটোৰ পানী। চৰকাৰ তথা বিভাগীয় কৰ্তিপক্ষলৈ গাৰোপাৰা ৰাইজৰ আহ্বান এই গাৰোপাৰা অঞ্চলত পানী যোগানৰ আঁচনি সফল ৰূপায়ন কৰক। গাৰোপাৰা ৰাইজ আশাবাদী উন্নয়নৰ শ্লো-গান দিয়া চৰকাৰৰ প্ৰতিনিধিয়ে ইয়াত চকু দিয়ক। লগতে পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু নতুনকৈ সন্নিবিষ্ট হোৱা পলাশবাৰী সমষ্টিৰ এই গাওঁখন বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰিব আৰু ৰাইজৰ অসুবিধা-অভাৱ দূৰ কৰিব।
প্ৰেৰক ভগৱান দাস
You might also like