নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে’ : আমেথিত যোৱাবাৰ পৰাজয়ৰ পিছত মাতৃ উত্তৰাধিকাৰী সূত্ৰে ৰায়বেৰেলীৰ পৰা ৰাহুল গান্ধীৰ নতুন যাত্ৰা আৰম্ভৰ লক্ষ্যৰে আজি ৰায়বেৰেলীৰ পৰা কংগ্ৰেছৰ হৈ মনোনয়ন দাখিল কৰে। আজি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী লোকসভা আসনৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মনোনয়ন দাখিল কৰে। এই সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীও তেওঁৰ সৈতে উপস্থিত আছিল। ৰাহুলৰ মনোনয়নৰ সময়ত তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু তেওঁৰ স্বামী ৰবাৰ্ট ভাদ্ৰাও উপস্থিত আছিল। এই আসনৰ পৰা ৰাহুল গান্ধীয়ে বিজেপিৰ দীনেশ প্ৰতাপ সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০১৯ চনতো একেখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল দীনেশ প্ৰতাপে। কংগ্ৰেছে আজি পুৱা ৰায়বেৰেলী আৰু আমেথি আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰাহুলে ৰায়বেৰেলী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত কিশোৰী লাল শৰ্মাক গান্ধী পৰিয়ালৰ দুৰ্গ বুলি বিবেচিত আমেথি আসনৰ পৰা টিকট দিয়া হৈছে। ৰায়বেৰেলীৰ সাংসদ হৈ আহিছে ছোনিয়া গান্ধী। বৰ্তমান এই আসনখন তেওঁ ৰাজ্যসভালৈ যোৱাৰ পিছত খালী হৈ আছে। ২০১৯ চনৰ নিৰ্বাচনত ৰায়বেৰেলীৰ পৰা কংগ্ৰেছে জয়লাভ কৰিছিল যদিও বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত আমেথিৰ পৰা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰাহুলে। একে সময়তে মনোনয়নৰ পূৰ্বে কংগ্ৰেছৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰাও ছোনিয়া গান্ধীৰ এখন ছবি শ্বেয়াৰ কৰা হৈছিল, যাৰ কেপচনত লিখা আছিল – ‘নমস্তে ৰায়বেৰেলী’। আমেথিৰ ফুৰছাটগঞ্জৰ বিমানবন্দৰত উপস্থিত হয় গান্ধী পৰিয়াল। ইয়াত পোৱাৰ ছবিখনো শ্বেয়াৰ কৰা হৈছিল, য’ত প্ৰিয়ংকা আৰু ছোনিয়াক দেখা গৈছিল ৰাহুলৰ সৈতে।