নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰীক সুৰক্ষা দিছে : স্বপ্না বণিয়া

🎯বাঁহজানীত ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ ৰাজ্যিক সভানেত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৩ মে’ : ভাৰতীয় সমাজ, সভ্যতা নিৰ্মাণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে। যাৰ বাবে দেশৰ মহিলাই সুৰক্ষা লাভ কৰিছে। বিজেপিয়ে মহিলাৰে নহয় সকলো দিশতে উন্নয়ন কৰিছে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়, লাখপতি বাইদেউ আচনি দি মহিলাসকলক স্বাবলম্বী কৰাৰ প্ৰচেষ্টা ৰাখিছে। কিন্তু বিগত কংগ্ৰেছৰ দিনত এক মুঠা সূতাৰ বাবে মহিলাসকলে চুলিয়াচুলি কৰিব লাগিছিল। কোনো মহিলাই ৰেছন কাৰ্ডৰ বাবে চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিশ্চিতি দিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভিন্ন উন্নয়নৰ জৰিয়তে সমাজখন ধৰি ৰাখিছে। গতিকে মোদীৰ সন্মানৰ অৰ্থে আৰু বিজেপি চৰকাৰৰ উন্নয়নৰ বাবে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ শক্তিশালী‌ প্ৰাৰ্থী তথা অভিজ্ঞ ৰাজনৈতিক নেতা ফণীভূষণ চৌধুৰীক হাতিৰ ছবিত ভোট দিব লাগিব। নলবাৰীৰ বাঁহজানীৰ তিলানাত বিজেপিৰ বাঁহজানী মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত আয়োজিত এখন জনাকীৰ্ণ নিৰ্বাচনী সভাত এই মন্তব্য কৰে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বণিয়াই। বিজেপি নেত্ৰী চপলা ৰাজবংশী মেধিৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদিকা বিভাৰাণী দাসে আঁত ধৰা সভাত বিশিষ্ট সমাজসেৱী জুলি ডেকা বৰুৱাই ভাষনত কয় যে নামনি অসমৰে নহয় অসমৰ প্ৰতিটো দিশত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বশীলভাৱে কাম কৰি আছে। একেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ উন্নয়নত গুৰুত্ব দিছে। গতিকে ৰাইজে উপলব্ধি কৰিছে বিজেপি চৰকাৰেহে উন্নয়ন কৰিব পাৰিব আৰু আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীকে ভোট দিব বুলি দোহাৰে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like