🔴নিৰলা কাকতিৰ কবিতা-গীতৰ একত্ৰ সংকলন “সৃষ্টিৰ সপোন” উন্মোচন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে’ : সাহিত্য মানৱ জীৱনৰ শান্তিৰ আলয় তথা আত্মাৰ অভিব্যক্তি। মানুহে জীৱনটো শান্তিত কটাবলৈ হ’লে অথবা সমাজ জীৱন বা জাতীয় চেতনাক উচ্চ স্তৰলৈ নি ভৱিষ্যত প্ৰজন্মক সবল সুস্থ সুন্দৰ এগৰাকী সৎ নাগৰিক হিচাপে সমাজত গঢ় দিবলৈ হ’লে এই সাহিত্য চৰ্চাই হ’ল প্ৰধান আহিলা। সুষম সাহিত্যৰ অনুশীলন অথবা পঢ়ি জ্ঞান অৰ্জন কৰাৰ যি আনন্দ তাৰ সমান শান্তি পৃথিৱীত ক’তো বিচাৰি পোৱা নাযায়। সাহিত্যই পৃথিৱীত বিভিন্ন বিষয় তথা ব্যক্তিত্বত উজ্জ্বল প্ৰতিফলন ঘটাব পাৰে। মানুহৰ চিন্তা আবেগ অনুভুতি আৰু ব্যৱহাৰিক জীৱন যাত্ৰাতো সাহিত্যই বিভিন্ন প্ৰভাৱ পেলাব পাৰে। আনকি ই সমাজ পৰিবৰ্তন তথা সমাজ খনৰ দিশ নিৰ্ণয় বা নিৰ্দেশনাৰ ক্ষেত্ৰতো বহুত পৰিমাণে সহায়ক হ’ব পাৰে। এই ভাষ্য অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীৰ। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেবীৰ সভাপতিত্বত গুৱাহাটী জাপৰিগোগ নিবাসী নিৰলা কাকতিৰ কবিতা আৰু গীতৰ একত্ৰ সংকলন “সৃষ্টিৰ সপোন” গ্ৰন্থখন সদৌ জাপৰিগোগ সাৰ্বজনীন পুজা সমিতি আৰু কলা কৃষ্টি বিকাশ কেন্দ্ৰত অলপতে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে। গ্ৰন্থখন উন্মোচন কৰি আদৰ্শ মাতৃ মৃণালিনী দেৱীয়ে লেখক এগৰাকীৰ দেখাত এখনি সাধাৰণ গল্প বা কবিতাৰ কিতাপেও কেতিয়াবা সমাজত বিশেষ এক আলোড়ন ঘটোৱা দেখা যায়। অথাৎ গল্প, কবিতা তথা প্ৰবন্ধ একোটিৰ মাধ্যমেৰে মানুহক নতুন নতুন চিন্তা অথবা এটি ভাৱৰ বুৰবুৰণিয়েও এক চিন্তাশীল ধ্যান ধাৰণাৰ দ্বাৰা পৰিপুষ্ট এখনি সৃষ্টিশীল সাহিত্য ৰচনা কৰাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ মনোবল তথা সাহস যোগায়। সাহিত্যই সমাজ এখনৰ উন্নতি কৰণ অথবা জাতিটোক সু-সংগঠিত কৰি তুলিবলৈও সুন্দৰ এক প্ৰদৰ্শকো হৈ পৰা দেখা যায়। একো একোটি গল্প, কবিতা বা প্ৰবন্ধৰ সৃষ্টাগৰাকীৰ মানসিক চেতনাই কি স্তৰ পাইছে তাৰো উপলব্ধি ঘটাই এই সাহিত্যই পঢ়ৱৈগৰাকীৰ মনত। অৰ্থাৎ একোটি গল্প বা প্ৰবন্ধৰ বিষয়বস্তুৱে পঢ়ৱৈ সকলৰ মনত অভ্যন্তৰীণ চিন্তা-চেতনাকো জগাই তোলা দেখা যায়। তাৰ লগে লগে আমাৰ সমাজখনৰো ইয়াৰ দ্বাৰা বিশেষ ক্ষেত্ৰসমূহত বহুতো উন্নতি সাধন অথবা শুভ পৰিবৰ্তন হোৱা দেখা যায় বুলি কয়। গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচন কৰি দিয়া নাটিদীৰ্ঘ ভাষণত সু-সাহিত্যিক মৃণালিনী দেৱীয়ে উপস্থিত দৰ্শকক আপ্লুত কৰি সকলোৰে মন মুহিত কৰে। শেষত তেওঁ ভাষণ প্ৰসংগত বিশ্ব সাহিত্য ৰচনাৰ ক্ষেত্ৰতো এনে একো একোগৰাকী বিখ্যাত লেখক অথবা গল্পকাৰ, কবি তথা প্ৰৱন্ধকাৰৰ নাম শুনিবলৈ পোৱা যায় যে সেইগৰাকী বিখ্যাত সাহিত্যিকৰ একো একোটি লেখাই সমগ্ৰ দেশৰ মানুহৰ মনত আলোড়িত কৰি তোলে। অৰ্থাৎ সেই লেখাটোৰ ঘটনাই বিভিন্ন লোকক বিভিন্ন ধৰণে মনৰ মাজত প্ৰতিফলন ঘটাই সমাজত এক পৰিৱৰ্তনৰ জোৱাৰ তোলে। এইখিনিতে আমি ভাবিব পাৰোঁ এন এটি দিন নিশ্চয় আহিব এই লেখাৰ আধাৰতে এদিন আমাৰ এই ভোগবাদী সমাজখনতে আমাৰ ওপজা মাটিৰ ভেটি তথা শিপাডালো এদিন পুনৰ উজ্জীৱিত হৈ সমাজ খনত উন্নতিৰ পথত আগুৱাই লৈ যাবলৈ নিশ্চয় এক সবল সুন্দৰ ভুমিকা গ্ৰহণ কৰিবলৈ সমৰ্থ হ’ব বুলি কয়। গ্ৰন্থ উন্মোচনী সভাত সাহিত্য কৰ্মী ভুপেন চন্দ্ৰ শৰ্মা, মহেন্দ্ৰ নাথ কামান, অনুপ কুমাৰ তালুকদাৰ, গ্ৰন্থ প্ৰকাশক নিৰঞ্জন কাকতি আদি ব্যক্তি সকল উপস্থিত আছিল।
প্ৰেৰক ৰমেন ভৰালী