বিশেষ বাৰ্তা, ৩ মে’ : বৰছলা বিধানসভা সমষ্টিৰ মুছলিম চাপৰিত এটা ৭.৬২ পিষ্টল, দুটা সক্ৰিয় গুলীসহ তিনিটা দুদ্ধৰ্ষ অপৰাধীক ঠেলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি কালি নিশা শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতাৰ লগতে চিআৰপিএফৰ (B/30 BN CRPF) সহকাৰী কামাণ্ডিং অফিচাৰ আশুতোষ কুমাৰৰ নেতৃত্বত ঠেলামৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদয়ক বসুমতাৰীৰ সহযোগত আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে যুটীয়াভাৱে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ঠেলামৰা থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া মুছলিম চাপৰিত এটা ৭.৬২ পিষ্টল আৰু ২ জাঁই সক্ৰিয় গুলীসহ ৩টা দুদ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত অপৰাধীকেইটা হ’ল চয়িদুল ইছলাম (৩২, পিতৃ ৰুজুমুদ্দিন), আনাৰ হুছেইন (৩০, পিতৃ মহম্মদ আলী) আৰু হবিবুৰ ৰহমান (২৪, পিতৃ চফিৰুদ্দিন)৷ সমগ্ৰ অভিযানৰ তদাৰক কৰিছিল চিআৰপিএফৰ (B/30 BN CRPF) সহকাৰী কামাণ্ডিং অফিচাৰ আশুতোশ কুমাৰ আৰু শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতাই৷ আটাইকেইটা অপৰাধীৰ ঘৰ ঠেলামৰা থানাৰ অন্তৰ্গত খৰছাকাটি, পূৱ মুছলিম চাপৰিত বুলি জনায় আৰক্ষীয়ে৷ ধৃত চাইদুল ইছলামৰ ঘৰৰ পৰা পিষ্টলটো উদ্ধাৰ কৰিছে বুলি জনাইছে আৰক্ষীয়ে। ঠেলামৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদয়ক বসুমতাৰীয়ে সংবাদ মাধ্যমত জনায় যে ধৃত অপৰাধীকেইটাই চুৰি, ডকাইতিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত হৈ বৃহত্তৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ৷
প্ৰেৰক কল্পজ্যোতি নাথ