নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়া অসমৰ চাৰিওফালে কেৱল শান্তি-প্রগতি : ড০ হিমন্ত বিশ্ব শৰ্মা

🎯পাঠশালাত অগপ-বিজেপিৰ বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী

🎯কংগ্ৰেছ-চিপিএমক কঠোৰ ভাষাৰে সমালোচনা মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ৩ মে’ : “আমাৰ আত্মনিৰ্ভৰ অসমৰ লক্ষ্যত মূল অৰিহণা যোগোৱা এক গৌৰৱময় অঞ্চল হৈছে বজালী৷ আৰু ইয়াৰ উল্লেখযোগ্য ভূমিকাক সন্মান জনোৱাৰ স্বাৰ্থতে আমাৰ চৰকাৰে বজালীক পূৰ্ণাংগ জিলা কৰি স্বীকৃতি দিছে। মই জানো যে বজালীৰ ৰাইজ সদায় মোৰ লগত আছে৷ গতিকে মই আজি ইয়ালৈ ভোটৰ বাবে অহা নাই৷ আমি প্ৰচাৰ নকৰিলেও বজালীৰ ৰাইজে আমাক এনেয়ে ভোট প্ৰদান কৰিব৷ মন্ত্ৰী ৰঞ্জিত দাসেও কৈছে যে আমাৰ ইয়াত ভোটৰ বাবে কোনো চিন্তা কৰিব নালাগে৷ তথাপি ভোট আৰু বিহুৰ বতৰত মই ইয়ালৈ কেৱল মাত লগাবলৈহে আহিছো৷ নহলে আপোনালোকে ভাবিব পাৰে যে মুখ্যমন্ত্ৰী চাৰিওফালে গ’ল আমাৰ ইয়ালৈ নাহিল, সেই কাৰনেই আজি আহিলো। আৰু সচাকৈ বজালীলৈ আহিলে, পাঠশালালৈ আহিলে ভাল লাগে, মনটো ভৰি পৰে।” এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। আজি পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ‘বিজয় সংকল্প সমাৱেশ’ অংশ গ্ৰহণ কৰি এই মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে “আকৌ এবাৰ মোদী চৰকাৰ” নিৰ্বাচনী গীতৰ তালে তালে ৰাইজৰ লগত নাচি কয় যে এতিয়া অসমৰ চাৰিওফালে শান্তিৰ পৰিবেশে বিৰাজ কৰিছে৷ যিটো বিজেপি চৰকাৰ অহাৰ পূৰ্বে কল্পনাৰো অতীত আছিল৷ বিজেপিৰ বজালী যুৱ মৰ্চাৰ উপ সভাপতি ৰাজীৱ শৰ্মাই আঁত ধৰা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আদৰণি ভাষন প্ৰদান কৰা সভাত মুখ্যমন্ত্ৰী শৰ্মাই আগন্তুক দিনত আৰু পঞ্চাশ হাজাৰ চাকৰি দিব বুলি সদৰি কৰি এজনো চাকৰিয়াল নথকা পৰিয়ালৰ চাকৰি প্ৰাৰ্থীক ১০ শতাংশ অতিৰিক্ত নম্বৰ দিয়াৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে৷ আনহাতে এই সমাৱেশৰ পিছতে সাংবাদিকেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ নেতা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তেওঁ পুনৰ দেশত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হব৷ আনহাতে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা হ’ল ৰাহুল গান্ধী, যি ৰাহুল গান্ধীয়ে ভাৰতত কেতিয়াও প্ৰধানমন্ত্ৰী হব নোৱাৰে৷ তেওঁ হ’লে অকল পাকিস্তানতহে প্ৰধানমন্ত্ৰী হব পাৰিব৷ কাৰণ পাকিস্তানীসকলে তেওঁক বহুত ভাল পায়৷ সেইবাবেই পাকিস্তানীসকলে তেওঁক সদায় প্ৰংশসা কৰি থাকে৷ উল্লেখযোগ্য যে আজি দিনৰ প্ৰায় ১ বজাত হেলিকাপ্টাৰযোগে পাঠশালাৰ ভগৱতী ক্ষেত্ৰত উপস্থিত হোৱাৰ পিছত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা “বিজয় সংকল্প সমাৱেশ”ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ৩নং বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, ইউপিপিএল আৰু অগপৰ মিত্রজোঁটৰ প্রার্থী ফণীভূষণ চৌধুৰীৰ সমর্থনত আয়োজিত সভাখনত ভাষণ দি মুখ্যমন্ত্রী শৰ্মাই কয়, “বৰপেটাত এইবাৰ পদুম মানে হাতী আৰু হাতী মানেই পদুম। গতিকে ৰাইজ আমাৰ মুখ্য উদ্দেশ্য হ’ব লাগে যে দিল্লীত বিজেপি চৰকাৰ হ’ব লাগে আৰু নৰেন্দ্র মোদী পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হ’ব লাগে। তদুপৰি আমাৰ ভাৰতবৰ্ষক যদি আমি সুস্থিৰ কৰি ৰাখিব লাগে, ভাৰতখনক যদি আমি যিকোনো পৰ্যায়ৰ বিপদৰ পৰা ৰক্ষা কৰিব লাগে আৰু আমাৰ অসমখনো যদি সুৰক্ষিত কৰি ৰাখিব লাগে, বিকশিত কৰিব লাগে তেন্তে দিল্লীত নৰেন্দ্ৰ মোদীক প্রধানমন্ত্রী পাতিবই লাগিব।’ মুখ্যমন্ত্রীগৰাকীয়ে কংগ্রেছ দলক সমালোচনা কৰি কয় যে কংগ্রেছৰ দিনত যদি সন্ত্রাসবাদীৰ আক্ৰমণ হয়, তেন্তে কংগ্ৰেছ চৰকাৰে সন্ত্রাসবাদীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। কিন্তু নৰেন্দ্র মোদীয়ে প্রয়োজনত পাকিস্তানৰ মাজত গৈয়ো বোমা ফুটাই আহিবলৈ সাহস ৰাখে৷ আৰু এয়া আমাৰ বাবে গৌৰৱৰ বিষয়৷ আনহাতে ক’ভিডৰ দৰে ভয়াৱহ মহামাৰীৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ক্ষীপ্ৰ গতিৰে কার্যব্যৱস্থা গ্রহণ কৰি আমাক এই অতিমাৰীৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল বুলি ভাষণত উল্লেখ কৰি কয় যে সেই সময়ত যদি মোদীৰ সলনি ৰাহুল গান্ধী প্রধানমন্ত্রী হৈ থাকিলহেতেন, তেতিয়া হয়তো আমাৰ বহু আত্মীয়ক আমি হেৰুৱাবলগীয়া হ’লেহেতেন। যিটো কথা এতিয়া ভাবিলেই আমাৰ ভয় লাগি যায়। গতিকে প্রধানমন্ত্রী হিচাপে আমি নৰেন্দ্ৰ মোদীক পোৱাৰ বাবে আমি নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰিছো। নিজকে আমি এটা পৰিয়াল সদৃশ বুলি অনুভৱ কৰিব পাৰিছো। সেইবাবেই মোদী অসমলৈ আহিলেই ৰাইজক উদ্দেশ্যি প্ৰথমতে ‘মেৰে পৰিবাৰগনো’ বুলি সম্বোধন কৰিহে ভাষণ আৰম্ভ কৰে। গতিকে তেওঁ কাকো বেলেগ বুলি নাভাবে। সকলোকে তেওঁ নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবি লয়। মুখ্যমন্ত্রীয়ে পুনৰায় কয়, “২০১৪ চনৰ আগলৈকে অসমত আজি বোলে বড়ো আন্দোলন, কালি বোলে কার্বি আন্দোলন, পৰহি বোলে আলফাৰ আন্দোলন আদিৰে অসমখনত এক অশান্তিময় পৰিবেশে বিৰাজ কৰিছিল৷ কিন্তু এতিয়া অসমতৰ চাৰিওফালে কেবল শান্তি আৰু প্রগতি। মোৰ কাৰ্যকালৰ তিনিটা বছৰত কোনা সংগঠনে অসম বন্ধ দিয়া নাই নাইবা আন্দোলন কৰা নাই৷” সেয়েহে এইবাৰৰ লোকসভা নির্বাচনত বৰপেটা সমষ্টিত হাতীৰ ছবিত ভোট দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনাই ড৹ শৰ্মাই কয়, “পেহেলে ভোটদান, বাদ মে জলপান। ৰাইজে এইবাৰ পুৱা উঠিয়েই নৰেন্দ্ৰ মোদীক ভোট দিবলৈ ওলাই আহিব। আগতে ভোট দিব, ভোটদান কৰি ঘৰত ভাত খাব, নিজৰ নিজৰ কামবোৰ কৰিব।” সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিসমুহৰ বিষেয়ে উল্লেখ কৰি কয়, “যি সকল ৰাইজে অৰুনোদয় পোৱা নাই, আমি অৰুনোদয় দিয়াৰ ব্যৱস্থা কৰিম৷” আনহাতে লাখপতি বাইদেউৰ বাবে সকলোৱে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰি পত্নীসকল লাখপতি হ’লে গিৰিয়েকসকলক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ সভাত অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছ আৰু চিপিআইএমক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বিৰোধীয়ে ৰাইজক বিভ্ৰান্তি কৰি হাতী আৰু হাত একে বুলি কৈ আছে৷ কিন্তু ৰাইজক বিৰোধীৰ এইবোৰ কথাত ভোল নাযাবলৈ বৰাই আহ্বান জনাই কয় যে অসমত বৰ্তমান পদুম আৰু হাতীহে একে৷ অনুষ্ঠানত ভবানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, অগপ নেতা ড৹ ৰণজিৎ ডেকা, অগপৰ বজালী জিলা সভাপতি জিন্টু চৌধুৰী, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী আদি উপস্থিত থাকে।

প্ৰেৰক কল্যাণ কলিতা

You might also like