পানীখাইতী-হেঙেৰাবাৰীত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে’ : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী আৰু বিজেপিৰ নেতা সৰ্বানন্দ সোণোৱালে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত আজি চন্দ্ৰপুৰৰ সমীপৰ পানীখাইতি আৰু হেঙেৰাবাৰী অঞ্চলত দুখন জনসভা সম্বোধন কৰে। শান্তি, সমৃদ্ধি আৰু বিকাশৰ জয়যাত্ৰাক অটুট ৰখাৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিশালী কৰিবলৈ সোণোৱালে উপস্থিত ৰাইজক আহ্বান জনায়। জনসভাত ভাষণ প্ৰদান কৰি বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কয়, “গুৱাহাটী হৈছে দক্ষিণ-পূব এছিয়াত ভাৰতৰ প্ৰৱেশদ্বাৰ৷ এই গুৰুত্বৰ কথা উপলব্ধি কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত গুৱাহাটীয়ে উন্নয়নৰ এক নতুন দিগন্তত উপনীত হৈছে৷ দীৰ্ঘদিন ধৰি মা কামাখ্যাৰ পুণ্যভূমি গুৱাহাটীৰ তাৎপৰ্য কংগ্ৰেছ চৰকাৰে স্বীকাৰ কৰা নাছিল, কিয়নো তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বাকী অংশৰ ভুলনাত দূৰৱৰ্তী আৰু পিছপৰা অঞ্চল হিচাপে উপেক্ষা কৰিছিল| গুৱাহাটী চহৰখনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অংশ কৰি তুলিবলৈ আৰু ভাৰতৰ বিকাশ যাত্ৰাত ইয়াৰ জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰি তুলিবলৈ কোনো আন্তৰিক প্ৰয়াস কৰা হোৱা নাছিল৷! তাৰ বিপৰীতে মোদীয়ে গুৱাহাটী আৰু সমগ্ৰ উত্তৰপূব অঞ্চলক নতুন ভাৰতৰ অৰ্থনৈতিক পুনৰুত্থানৰ বিকাশ ইঞ্জিন হিচাপে পৰিণত কৰিবলৈ গুৱাহাটীক সামৰি গুৰুত্বপূৰ্ণ ‘এক্ট ইষ্ট’ নীতি ৰূপায়ণ কৰিছে, যাৰ ফলত সমগ্ৰ উত্তৰ-পূবৰ বিকাশৰ অনুঘটক হিচাপে কাম কৰি গুৱাহাটীয়ে অভূতপূৰ্ব বিনিয়োগ লাভ কৰি আহিছে৷ ইয়াৰ যোগেদি গুৱাহাটীৰ বহু দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হৈছে৷ গুৱাহাটীয়ে এতিয়া দক্ষিণ এছিয়াৰ এক অগ্ৰণী বাণিজ্যিক প্ৰাণকেন্দ্ৰ হিচাপে গুৰুত্ব লাভ কৰিছে৷” এনডিএ চৰকাৰৰ গুৰুত্বপূৰ্ণ সাফল্যৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিনিয়োগৰ জৰিয়তে চহৰখনে কেৱল অঞ্চলটোৰ বাসিন্দাসকলৰ বাবেই নহয়; বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু নেপালকে ধৰি বৃহত্তৰ দক্ষিণ এছিয়া অঞ্চলৰ বাবেও মুখ্য স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে কাম কৰি আছে৷ নৱনিৰ্মিত এইম্ছ কৰ্কট চিকিৎসালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ সম্প্ৰসাৰণ, পঞ্চকৰ্মা খণ্ডৰ নিৰ্মাণকে ধৰি অন্যান্য স্বাস্থ্যসৈৱা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে চহৰখনৰ গুণগত স্বাস্থ্যসেৱা কেন্দ্ৰৰ ধাৰণাটোক ত্বৰান্বিত কৰা হৈছে৷ একেদৰে, চহৰখনৰ আন্তঃগাঁথনি ক্ষমতা বুদ্ধি কৰাৰ বাবেও কেতবোৰ পদক্ষেপ লোৱা হৈছে৷ ব্ৰহ্মপুত্ৰৰ সমীপত উন্নয়ন, অমৃত উদ্যান, দলং নিৰ্মাণ, নদী প্ৰণালীক পুনৰুজ্জীৱিত কৰাৰ দৰে ব্যৱস্থাই চহৰখনৰ মান উন্নত কৰাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মানো উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ আনহাতে ২০৮ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰ নিৰ্মাণ কৰি থকা হৈছে৷ ব্ৰহ্মপুত্ৰ “ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনৰেখাস্বৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক্ট ইষ্ট নীতি’ক ত্বৰান্বিত কৰি এই ৰাষ্ট্ৰীয় জলপথ-২ৰ বিকাশ তথা বিভিন্ন প্ৰকল্পৰ ক্ষিপ্ৰ ৰূপায়ণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়েও নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে কাম কৰি আছে৷ ইয়াৰ ফলত গুৱাহাটীবাসী উপকৃত হ’ব৷”