নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃক্ক ৰোগত আক্ৰান্ত প্ৰিয়ংকা উজলিল উচ্চতৰ মাধ্যমিকত

🔹 পিতৃ ফকিৰা বজাৰৰ চাহ দোকানৰ কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ১১ মে’ : দৰিদ্ৰতা, শাৰীৰিক সমস্যা একোৱে হেঙাৰ হ’ব নোৱাৰে প্ৰবল ইচ্ছাশক্তিৰ আগত। বৃক্ক ৰোগত আক্ৰান্ত কৰিমগঞ্জৰ মহিষাশানৰ প্ৰিয়ংকা নাথৰ উল্লেখযোগ্য সাফল্যই এই কথাকেই প্ৰমাণ কৰি দেখুৱাইছে । দেউতাক ফকিৰা বজাৰৰ এখন চাহ দোকানৰ কৰ্মচাৰী। দীৰ্ঘদিন ধৰি চেন্নাই এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত পিতৃ-মাতৃৰ সপোন পূৰণৰ সংকল্পত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কৰিমগঞ্জৰ নাম উজ্জ্বল কৰি তুলিছে প্ৰতিভাৱান ছাত্ৰী প্ৰিয়ংকাই। এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬টাকৈ বিষয়ত লেটাৰসহ ৪৫৬ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে মেধাৱী ছাত্ৰীগৰাকী। প্ৰিয়ংকাই দুবছৰ পূৰ্বে উচ্চ মাধ্যমিকত ৮৬.১৬ শতাংশ নম্বৰেৰে সফলতা অৰ্জন কৰিছিল। কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত এলেকা মহিষাশানত বসবাস কৰা অতি দুখীয়া পৰিয়ালৰ কৃতী ছাত্ৰী প্ৰিয়ংকা নাথ দুবছৰ ধৰি কিডনীজনিত ৰোগত ভুগি আছে । পিতৃয়ে চাহ দোকানৰ কৰ্মচাৰী হিচাপে কাম কৰি অতি কষ্টেৰে বেলেগৰ সহায়ত কেইবাবাৰো চেন্নাইত লৈ গৈ কন্যাৰ চিকিৎসা কৰাইছিল । লগতে বহু কষ্টেৰে পঢ়া-শুনাও অব্যাহত ৰখাইছে । ফলস্বৰূপে এইবাৰ উচ্চতৰ মাধ্যমিকত ৬টা বিষয়তে লেটাৰসহ ৯১ শতাংশ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হৈছে প্ৰিয়ংকা । ভৱিষ্যতে উচ্চ শিক্ষা লাভ কৰি তেওঁৰ দৰে ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ প্ৰিয়ংকাৰ হেঁপাহ । কিন্তু দৰিদ্ৰতা আৰু শাৰীৰিক অসুস্থতাৰ বাবে প্ৰিয়ংকাৰ উচ্চ শিক্ষাৰ ইচ্ছাও পূৰণ হোৱাটো একেবাৰে যে মসৃণ নহয়, সেয়া স্বাভাৱিক । গতিকে কৃতী ছাত্ৰী প্ৰিয়ংকাই তেওঁক সাহায্য আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে। সামান্য সঁহাৰি আৰু যদি মনত অদম্য হেঁপাহ থাকে, তেন্তে হাজাৰটা প্ৰতিকূলতা এৰি জয়ৰ শিখৰত উপনীত হোৱাটো সম্ভৱ। প্ৰতিভাৱান ছাত্ৰীগৰাকীৰ ক্ষেত্ৰতো এয়াই হ‌ওক, এয়াই থাকিব আমাৰ ফালৰ পৰা শুভেচ্ছা ।

প্ৰেৰক অসীম দেব

You might also like