🔹 এম পি ক্ৰিয়েচন এণ্ড গীতাঞ্জলি ৰাজৰ উদ্যোগ
নিয়মীয়া বাৰ্তা, ১২ মে’ : আজি বিশ্ব মাতৃ দিৱস । মাতৃসকলৰ ত্যাগ আৰু চৰ্তহীন মৰমৰ প্ৰতি সন্মান জনাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰী বৃদ্ধাশ্ৰমতো মাতৃ দিৱস পালন কৰা হয় । এম পি ক্ৰিয়েচন এণ্ড গীতাঞ্জলি ৰাজৰ উদ্যোগত আয়োজন কৰা এই মাতৃ দিৱসত উপস্থিত সকলোৱে অভয়াপুৰী বৃদ্ধাশ্ৰমৰ আইতাসকলৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে আইতাসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । মাতৃ দিৱস উপলক্ষে আইতাসকলৰ হাতেৰে কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । বৃদ্ধাশ্ৰমৰ আইতাসকলৰ লগতে উপস্থিত সকলোৱে বিহু নাচি মাতৃ দিৱসৰ আনন্দ উপভোগ কৰে । মাতৃ দিৱস উপলক্ষে আয়োজিত অন্তৰংগ আলাপত গীতাঞ্জলি ৰাজবংশীয়ে প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা জনাই কয় যে ‘মা’ কেৱল এটা শব্দই নহয়, মা শব্দটোত এক বুজাব নোৱাৰা আৱেগ আছে । মা যেন ঘৰখনৰ সকলো সুখ । মা অবিহনে কল্পনা কৰিব নোৱাৰি এই জীৱন । প্ৰতি বছৰে বিশ্বই পালন কৰি আহিছে মাতৃ দিৱস। প্ৰতি বছৰৰ মে’ মাহৰ দ্বিতীয়টো দেওবাৰে এই দিৱস পালন কৰা হয় । অনুষ্ঠানত উপস্থিত মেঘালী ওজাই কয় যে আইৰ সমান হ’ব কোন । মাত্ৰ এটা শব্দ মা । এটা বৰ্ণৰে গঠিত এই শব্দটোতেই লুকাই আছে প্ৰতিজন সন্তানৰ বাবে সঞ্জীৱনী সুখ । মমতাময়ী মাতৃক বাদ দি কল্পনাই কৰিব নোৱাৰি এই বিনন্দীয় পৃথিৱীৰ এটা প্ৰজন্মৰ পৰা অন্য প্ৰজন্মলৈ প্ৰৱাহিত হৈ থকা সৃষ্টিৰ ধাৰা । জীৱনদায়িনী মাতৃৰ স্থান এই পৃথিৱীত কাৰো সৈতে তুলনা নহয় । মা অনন্য, মা একক । এই মাৰ বাবে সকলো সম্ভৱ । সন্তানক জন্ম দি দুগ্ধপান কৰোৱাৰ পৰা ডাঙৰ-দীঘল কৰা লৈকে, সন্তানৰ বেমাৰ-আজাৰ হ’লেই উজাগৰী নিশা কটোৱালৈকে। সেইবাবে আইৰ স্থান প্ৰতিজন সন্তানৰ বাবে সুকীয়া । অভয়াপুৰী বৃদ্ধাশ্ৰমৰ অধীক্ষক লেখা দাসে কয় যে মা অতুলনীয় । মাৰ ঋণ প্ৰতিজন সন্তানে কোনো কালেই কোনোদিনে পৰিশোধ কৰিব নোৱাৰে । সন্তানৰ প্ৰতি মাৰ নি:স্বাৰ্থ মৰম, ভালপোৱা, মা মমতাময়ী । প্ৰতিজন সন্তানেই মাতৃৰ ওচৰত চিৰকৃতজ্ঞ, চিৰঋণী । এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰিলেও সমগ্ৰ বিশ্বই মাতৃৰ বাবে সন্মান প্ৰদান কৰিবলৈ আজিৰ দিনটোক বিশেষ দিন হিচাপে উদযাপন কৰি আহিছে ।
প্ৰেৰক বিনোদ বিহাৰী নাথ