নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র ২ চেণ্টিমিটাৰৰ বাবে প্রথম স্থানৰ পৰা বঞ্চিত নীৰজ চোপ্রা

🔹 ড’হা ডায়মণ্ড লীগ

বিশেষ বাৰ্তা, ১২ মে’ : মাত্র ২ চেণ্টিমিটাৰ দূৰত্বৰ বাবে ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্রাই ড’হা ডায়মণ্ড লীগত প্রথম স্থান লাভ কৰাৰ পৰা বঞ্চিত হয়৷ টকিঅ’ অলিম্পিকত স্বর্ণ জয় কৰি ইতিহাস ৰচনা কৰা নীৰজ চোপ্রাই দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়৷ ৮৮.৩৬ মিটাৰ দলিয়াই নীৰজ চোপ্রাই দ্বিতীয় স্থানটো লাভ কৰে৷ অন্তিমটো প্রচেষ্টাত ভাৰতৰ তাৰকা জেভলিন থ্র’ৱাৰগৰাকীয়ে চলিত ছিজনত কেৰিয়াৰশ্রেষ্ঠ ৮৮.৩৬ মিটাৰ থ্র’ কৰে৷ চলিত ছিজনৰ এয়া আছিল নীৰজ চোপ্রাৰ প্রথমখন প্রতিযোগিতা৷ উল্লেখ্য যে বিগত বছৰ ড’হা ডায়মণ্ড লীগত নীৰজ চোপ্রাই ৮৮.৬৭ মিটাৰ নিক্ষেপ কৰি প্রথম স্থান অধিকাৰ কৰিছিল যদিও এইবাৰ তেওঁ সেই লক্ষ্যত উপনীত হোৱাত ব্যর্থ হয়৷ ইপিনে, প্রতিযোগিতাখনত অংশগ্রহণ কৰা ভাৰতৰ আনগৰাকী প্রতিযোগী কিশোৰ জেনাই নৱম স্থানহে লাভ কৰে৷ কিশোৰ জেনাই ৭৫.৫২ মিটাৰ নিক্ষেপ কৰে৷ প্রতিযোগিতাখনত চেক গণৰাজ্যৰ জাকুব ভালডিচে ৮৮.৩৮ মিটাৰ নিক্ষেপ কৰি প্রথম স্থান লাভ কৰে৷ আনহাতে, ৮৬.৬২ মিটাৰ নিক্ষেপ কৰি গ্রেনাডাৰ এণ্ডাৰছন পিটার্ছে তৃতীয় স্থান লাভ কৰে৷

You might also like