নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত দুৰ্ঘটনাত আহতৰ জিএমচিএইচত মৃত্যু

নিয়মীয়া বাৰ্তা,  ১২ মে’ : মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰথখোলাত কালি ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত মহিলাসহ দুজন গুৰুতৰভাৱে আহত হৈছিল। গুৰুতৰভাৱে আহত অক্ষয় সৰকাৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছিল। কিন্তু যোৱানিশা অক্ষয় সৰকাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লয়। সদৌ অসম বাঙালী পৰিষদৰ বৰডোৱাটুপ আঞ্চলিকৰ সদস্য আছিল অক্ষয় সৰকাৰ। অক্ষয় সৰকাৰৰ মৃত্যুত সদৌ অসম বাঙালী পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে শোক প্ৰকাশ কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like