নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 জ্বলন্ত চিতাৰ পৰা মৃতদেহ নমাই স্বামীগৃহৰ চোতালত সৎকাৰ

🔹 বোৱাৰী হত্যাক লৈ উত্তপ্ত ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰি
বিশেষ বার্তা, ১৬ মে’ : এগৰাকী নৱবিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ বাবে ঢকুৱাখনাত উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে কালি৷ ঢকুৱাখনা থানাৰ অন্তর্গত নাৰায়ণপুৰ চাপৰিৰ মৃদুল বৰুৱাৰ পুত্র পৱন বৰুৱাই দুমাহ পূর্বে পলুৱাই আনিছিল সোণাৰি চাপৰি উপ–আৰক্ষী চকীৰ অন্তর্গত কেঁকুৰি কছাৰীৰ প্রদীপ সোণোৱালৰ কন্যা দেৱলিনা সোণোৱাল নামৰ নাবালিকাগৰাকীক৷ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত দ্বিতীয় বর্ষত পঢ়ি থকা তথা ওঠৰ বছৰ সম্পূর্ণ নোহোৱা কিশোৰীগৰাকীক পলুৱাই আনি বিয়া পতাৰ পিছৰে পৰা যৌতুক বিচাৰি বহুবাৰ অকথ্য নির্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছিল৷ অভিযোগ অনুসৰি পৱন বৰুৱাই দেৱলিনাৰ পৰিয়ালৰ পৰা দাবী কৰিছিল সোণৰ গহনা আৰু গাড়ী৷  কিন্তু কালি দুপৰীয়াৰ ভাগত স্বামীগৃহৰ ভিতৰৰ মজিয়াত মৃত অৱস্থাত দেৱলিনাক উদ্ধাৰ কৰে আৰক্ষী আৰু পৰিয়ালৰ লোকে৷ দেৱলিনাৰ  পৰিয়ালে অভিযোগ কৰা মতে, স্বামী পৱন বৰুৱাই দেৱলিনাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষী আৰু পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পূর্বেই মৃতদেহটোৰ পৰা ৰছী খুলি মজিয়াত নমাই থয়৷ এই ঘটনাৰ  পৰাই এয়া  পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে দেৱলিনাৰ পৰিয়ালে৷ ঘটনাৰ খবৰ পাই কালি বিয়লিয়ে ঘটনাস্থলীত আৰক্ষী আৰু কার্যবাহী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷ দেৱলিনাৰ পিতৃ প্রদীপ সোণোৱালে এয়া হত্যাকাণ্ড বুলি অভিযোগ তুলি ঢকুৱাখনা থানাত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে  পৱন বৰুৱাক আটক কৰে৷ মৰণোত্তৰ  পৰীক্ষাৰ শেষত লখিমপুৰৰ পৰা দেৱলিনাৰ মৃতদেহ ঢকুৱাখনালৈ অনাত স্বামীগৃহৰ একাংশ লোকে বলাহঘাটৰ শ্মশানত জ্বলাবলৈ লয়৷ কিন্তু দেৱলিনাৰ পৰিয়ালৰ দাবী যে মৃতদেহ স্বামীগৃহৰ বাৰীৰ চৌহদত সৎকাৰ কৰিব লাগিব৷ এই লৈ দুয়োটা পক্ষৰ মাজত বাকবিতণ্ডা আৰু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত আৰক্ষী আৰু দুগৰাকীকৈ কার্যবাহী দণ্ডাধীশে পৰিৱেশ শাম কটাবলৈ সক্ষম হয় আৰু শ্মশানৰ পৰা আধা পোৰা দেৱলিনাৰ মৃতদেহটো নি স্বামী পৱনৰ ঘৰৰ চোতালতে ৰাইজে সৎকাৰ কৰে৷

 

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like