ধুবুৰীত বৰলুইতত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ এছডিআৰএফৰ
নিয়মীয়া বাৰ্তা, ১৭ মে’ : কালি ধুবুৰী চহৰৰ যোগমায়া পাৰঘাটৰ সমীপৰ বৰলুইতত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দশম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ নিথৰ দেহ আজি নৈখনৰ পৰা উদ্ধাৰ কৰে এচডিআৰএফে। স্মৰ্তব্য যে কালি ধুবুৰী চহৰৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ অৰিন্দম সাহাই বিদ্যালয় ছুটী হোৱাৰ পিছত চহৰখনৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত চাৰি বন্ধুৰে ফুটবল খেলিছিল আৰু পিছত চাৰিও ধুবুৰীৰ যোগমায়া পাৰঘাটৰ সমীপৰ বৰলুইতত গা ধুবলৈ গৈছিল। তেতিয়াই সংঘটিত হৈছিল অঘটনটো আৰু অকষ্মাতে বৰলুইতত সন্ধানহীন হৈ পৰিছিল ছাত্ৰজন। ঘটনা সন্দৰ্ভত অৱগত হৈ এছডিআৰএফ বাহিনীৰ এটা দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ কালিৰ পৰা আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান আৰু অৱশেষত আজি বৰলুইতত সন্ধানহীন হোৱা স্থানৰ সমীপৰ পৰা দলটোৱে উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহ। দুৰ্ভগীয়া অৰিন্দম সাহা ওৰফে দীপ নামৰ সেই ছাত্ৰজনৰ ঘৰ ধুবুৰীৰ শান্তিনগৰ অঞ্চলত।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী