আইডলৰ প্রথম ষাণ্মাসিকৰ পৰীক্ষাত ব্যাপক বিসংগতি
৮০ প্রশ্নৰ বিপৰীতে অ’এমআৰ শ্বীটত স্থান মাত্র ৭৫টাৰ
নিয়মীয়া বাৰ্তা, ২ মার্চঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ দূৰ আৰু মুক্ত শিক্ষাৰ প্রতিষ্ঠানে অনুষ্ঠিত কৰা আভ্যন্তৰীণ পৰীক্ষাত সংঘটিত বিসংগতিয়ে দেওবাৰে বিপাঙত পেলালে ছাত্র–ছাত্রীসকলক ৷ অভিযোগ অনুসৰি, দূৰ আৰু মুক্ত শিক্ষাৰ প্রতিষ্ঠানে দেওবাৰে কেইবাটাও বিষয়ৰ স্নাতকোত্তৰ প্রথম ষাণ্মাসিকৰ আভ্যন্তৰীণ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷ অ’ এম আৰ শ্বীটৰ প্রশ্নকাকতখনত সন্নিৱিষ্ট মুঠ প্রশ্নৰ সংখ্যা আছিল ৮০টা ৷ কিন্তু ইয়াৰ বিপৰীতে ৭৫টা প্রশ্নৰ উত্তৰৰ বাবেহে ঠাই আছিল ৷ বাকী ৫টা প্রশ্নৰ উত্তৰৰ বাবে অ’ এম আৰ শ্বীটত কোনো ঠাই ৰখা হোৱা নাছিল ৷ ইয়াৰ পাছত দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান কর্তৃপক্ষই পৰীক্ষার্থীসকলক জানিবলৈ দিয়ে যে বাকী ৫টা প্রশ্নৰ উত্তৰ প্রশ্নকাকতখনত টিক মার্ক হিচাপে দিলেই হ’ল ৷ উপায়হীন হৈ পৰীক্ষার্থীসকলে প্রশ্নকাকততেই উত্তৰ লিখি দিবলগীয়া হ’ল ৷ আনহাতে, অসমীয়া বিষয়ৰ এটা প্রশ্নত চাৰিটাৰ সলনি দুটা বিকল্পহে উল্লেখ কৰা হ’ল ৷ এই দুটা বিকল্পৰ মাজতো শুদ্ধ উত্তৰ নাছিল ৷ অসমীয়া, শিক্ষা, ইংৰাজী, ৰাজনীতি বিজ্ঞান আদি আটাইকেইটা বিষয়ৰ প্রশ্নকাকততে এই গুৰুতৰ বিসংগতি দেখা যায় ৷ এতিয়া প্রশ্ন হ’ল– অ’ এম আৰ শ্বীটসমূহ কম্পিউটাৰৰ জৰিয়তে পৰীক্ষা কৰি মূল্যায়ন কৰা হ’ব ৷ কিন্তু উত্তৰ লিখিবৰ বাবে কোনো ঠাই নৰখা প্রশ্নসমূহৰ বিপৰীতে কেনেদৰে মূল্যায়ন কৰা হ’ব, তাক লৈ পৰীক্ষার্থীসকল বাৰুকৈ বিপাঙত পৰিছে ৷ উল্লেখ্য যে নিযুক্তি, বিত্তীয় আদি একাধিক কেলেংকাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠানত সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ নিযুক্তি কেলেংকাৰিত তদন্তও চলি আছে ৷ ব্যাপক অৰাজকতাৰ মাজেৰে চলি অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষাৰ প্রতিষ্ঠানে যে ছাত্র–ছাত্রীৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈও কুণ্ঠবোধ কৰা নাই, সেয়া আজি আকৌ এবাৰ স্পষ্ট হৈ পৰিল ৷