নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃ, দুই কিশোৰ পুত্ৰসহ সোণাৰি দোকানৰ মালিক আৰক্ষীৰ জালত

🔹 জোনাইত মেজিষ্ট্ৰেট কলনীতো চোৰৰ তাণ্ডৱ 

বিশেষ বাৰ্তা, ২৩ মে’ : জোনাইত দীৰ্ঘদিন ধৰি চুৰি কাণ্ডৰ সৈতে জড়িত থকা লাডেন চোৰৰ তাণ্ডৱৰ অধ্যায় চলি থকাৰ মাজতে অঘাইতং চোৰে উৎপাত চলোৱাৰ ঘটনা পুনৰ পোহৰলৈ আহিছে। জোনাই আৰক্ষী প্ৰশাসন জোনাইবাসী ৰাইজৰ বাবে জাগ্ৰত প্ৰহৰী হিচাপে থিয় দিয়া পৰিলক্ষিত হৈছে। অঘাইতং চোৰক পুলিয়ে-পোখাই উভালি পেলোৱাৰ উদ্দেশ্যে জোনাই থানাৰ আৰক্ষী বিষয়া দীপক শইকীয়াৰ নেতৃত্বত আজিও অব্যাহত আছে মাৰাথন অভিযান। এইবাৰ মাকৰ সৈতে দুটি কিশোৰ আৰু সোণাৰি দোকানৰ মালিক জোনাই আৰক্ষীৰ জালত পৰিছে। উল্লেখযোগ্য যে জোনাই অঞ্চলত বিগত কেইবামাহৰ পৰা চোৰৰ উপদ্ৰৱে সাধাৰণ ৰাইজক বাৰুকৈ জলাকলা খুৱাই আহিছে। ইটোৰ পিছত সিটো চুৰি কাণ্ড সংঘটিত হোৱাত নিদ্ৰাহৰণ হৈছে খাটি খোৱা সাধাৰণ ৰাইজৰ লগতে জোনাই মহকুমা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ মেজিষ্ট্ৰেট কলনীতো। জানিব পৰা মতে, বহুদিনৰ পৰাই চোৰে জলাকলা খুৱাই আহিছে মেজিষ্ট্ৰেট কলনীৰ আৱাসত থকা উচ্চ পৰ্যায়ৰ বিষয়াসকলক। শেহতীয়াকৈ যোৱা সোমবাৰে পুনৰ মেজিষ্ট্ৰেট কলনীত থকা জোনাই মহকুমা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাদীশ বিভা কাঞ্চন গগৈৰ চৰকাৰী বাসভৱনত চোৰে লুটপাত চলাই তহিলং কৰে। ঘটনা সন্দৰ্ভত উক্ত দিনাই কাৰ্যবাহী দণ্ডাধীশ বিভা কাঞ্চন গগৈয়ে জোনাই থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পূৰ্বেও মেজিষ্ট্ৰেট কলনীত কেইবাটাও আৱাসত চোৰে চাফাই অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ ভাৰতীয় দণ্ডবিধিৰ 53/2024/ US 380/447 IPCৰ অধীনত গোচৰ ৰুজু কৰি জোনাই আৰক্ষী প্ৰশাসনে ঘটনাৰ তদন্ত চলাই ঘটনাত জড়িত থকাৰ সন্দেহত দুটি কিশোৰক আটক কৰে। ইপিনে, আৰক্ষীয়ে আটক কৰা কিশোৰ দুটিৰ স্বীকাৰোক্তিৰ ভিত্তিত মাতৃ সীমা তাঁতী আৰু জোনাই গান্ধী ৰোডত থকা RK জুৱেলাৰ্ছ সোণাৰি বিপণীৰ স্বত্বাধিকাৰ কৃষ্ণ বাৰ্মাকো আটক কৰে। বৰ্তমানেও জোনাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চাৰিওকে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক কৰবী দলে

You might also like