ডোহাত তালিবানৰে ঐতিহাসিক চুক্তি আমেৰিকাৰ
আফগানিস্তানত ১৮ বছৰীয়া যুদ্ধত বিৰামঃ ঘূৰাই নিব মার্কিন সেনা
নিয়মীয়া বাৰ্তা, ২ মার্চঃ তালিবান সন্ত্রাসবাদীৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্রই কালি এখন ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে ৷ এই চুক্তি মতে আমেৰিকাই আফগানিস্তানত থকা সকলো বিদেশী সেনাক সম্পূর্ণৰূপে ঘূৰাই নিব ৷ অহা ১৪ মাহৰ ভিতৰত সেনা প্রত্যর্পণেৰে ১৮ বছৰীয়া দীঘলীয়া যুদ্ধৰ সমাপ্তি ঘটাব ৷ আমেৰিকাই দেশৰ ইতিহাসৰে এখন দীঘলীয়া যুদ্ধৰ অৱসান ঘটাবলৈ আফগান পক্ষৰ বিভিন্ন দলৰ সৈতে যথেষ্ট জটিল প্রক্রিয়াৰে আলোচনাত বহিবলগীয়া হয়৷ কাটাৰৰ ৰাজধানী ডোহাত কালি আমেৰিকাৰ বিশেষ ৰাষ্ট্রদূত ঝালমি খালিলজাদ আৰু তালিবানৰ ৰাজনৈতিক প্রধান মোল্লা আব্দুল ঘানি বাৰাডাৰৰ সৈতে এই চুক্তি সম্পন্ন হয়৷ আমেৰিকাৰ বিদেশ মন্ত্রী মাইক পম্পি’ এই চুক্তিৰ সাক্ষী হিচাপে উপস্থিত থাকে ৷ ‘আজি আফগানিস্তানৰ বাবে এটা স্মৰণীয় দিন৷ এই চুক্তিয়ে দেশখনলৈ শান্তি আৰু উজ্জ্বল ভৱিষ্যৎ কঢ়িয়াই আনিব৷ আমি আফগানিস্তানৰ সৈতে আছোঁ৷’ –চুক্তিৰ পাছত কাবুলত থকা মার্কিন দূতাবাসে এইদৰে টুইট কৰে ৷ উল্লেখ্য যে এই চুক্তিৰ পূর্বে সন্ত্রাসবাদী সংগঠন তালিবানে তেওঁলোকৰ সৈন্যসকলক দেশখনৰ কল্যাণৰ বাবে সকলোধৰণৰ আক্রমণৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিয়ে৷ ইফালে, চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে মন্তব্য কৰিছে– ‘আমি অন্ততঃ আমেৰিকাৰ সকলোতকৈ দীর্ঘকালীন যুদ্ধখন সমাপ্ত কৰিবৰ বাবে আৰু আমাৰ সৈনিকক ঘৰলৈ ঘূৰাই আনিবৰ বাবে কাম আৰম্ভ কৰিছোঁ৷ কিন্তু যদিহে তালিবানে চুক্তি উলংঘা কৰে, তেন্তে আমি পুনৰ ঘূৰি যাম ৷’