নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্থাভাৱত অস্ত্ৰোপচাৰৰ পৰা বঞ্চিত দুৰ্ঘটনাত পতিত মন্দিয়াৰ জলিল আলী

নিয়মীয়া বাৰ্তা, ২৫ মে’ : বৰপেটাৰ মন্দিয়াৰ তেধেৰা পাথাৰ গাঁৱৰ এটি দৰিদ্ৰ পৰিয়াললৈ সম্প্ৰতি নামি আহিছে কাল অমানিশা। গাঁওখনৰ জলিল আলী নামৰ যুৱকজনে আজিৰ পৰা প্ৰায় আঠ মাহ পূৰ্বে অৰুণাচলত এখন দলঙৰ কাম কৰিবলৈ গৈ হঠাৎ দলঙৰ সামগ্ৰী ভৰিত পৰি যুৱকজনৰ সোঁ ভৰিখন সম্পূৰ্ণৰূপে ভাঙি যায়। ফলত বিগত আঠ মাহ ধৰি উন্নত চিকিৎসাৰ অভাৱত ঘৰতে যুৱকজন শয্যাগত হৈ পৰি আছে। অনাগত এক সপ্তাহৰ ভিতৰত যুৱকজনৰ এটি জৰুৰী অস্ত্ৰোপ্ৰচাৰৰ পৰামৰ্শ দিছে চিকিৎসকে। য’ত যুৱকজনৰ প্ৰয়োজন হৈছে কেইবালাখ টকাৰ। কিন্তু এতিয়া অৰ্থ গোটোৱাত অসক্ষম পৰিয়াল তথা যুৱকজনে বিচাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা হৃদয়ৱানজনৰ সহায় ভিক্ষা। সেয়ে অসহায় যুৱকজনক কোনোবা সু-হৃদজনে সহায় কৰিব বিচাৰিলে যুৱকজনৰ পত্নী NURJAHAN BEGUNৰ নামত থকা মন্দিয়া শাখাৰ UCO BANKৰ ACCOUNT NUMBER : 28230110006672 আৰু IFSC CODE : UCBA 0002823ত যোগাযোগ কৰি সহায় কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like