নিয়মীয়া বাৰ্তা, ২ মার্চঃ মহানগৰীৰ নুনমাটি আৰক্ষীয়ে গাড়ী চুৰি চক্রৰ বিৰুদ্ধে অভিযান চলাই বোন্দা, সাতগাঁও আৰু হাতীগাঁও অঞ্চলৰ পৰা ২ গভাইত চোৰক প্রেপ্তাৰ কৰে ৷ ধৃত গাড়ীচোৰ দুটা ক্রমে শ্রীমন্ত কলিতা আৰু মহানগৰীৰ এখন অভিজাত বিশ্ববিদ্যালয়ৰ শিক্ষার্থী ছাহিল ইলিয়াছ আহমেদ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ধৃত গাড়ীচোৰ দুটাৰ পৰা এএছ–০১ এ জেড–৯৮৪০, এ এছ–০১ ডি ইউ–৩৫৩৬, এ এছ–০১ বি এন–২৮২২ আৰু এ এছ–০১ বি ইউ–৯৭৩০ নম্বৰৰ চাৰিখনকৈ দুচকীয়া চুৰি বাহন জব্দ কৰে ৷ উল্লেখ্য যে ধৃত গাড়ীচোৰ দুটাই মাষ্টাৰ মাইণ্ড ছাহিল ইলিয়াছ আহমেদৰ নেতৃত্বত মহানগৰীৰ বিভিন্ন স্থানৰ গাড়ী চুৰিত লিপ্ত আছিল ৷ নুনমাটি আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি দেওবাৰে সাতগাঁও, হাতীগাঁও আৰু বোন্দা অঞ্চলৰ পৰা গাড়ী চুৰি চক্রৰে জড়িত দুই চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে এই গাড়ী চুৰি চক্রৰ সৈতে জড়িত আন বহুকেইটা চোৰ ইতিমধ্যে পলাতক হৈ আছে ৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত নুনমাটি থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত ১১৫/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ পৰৱর্তী সময়ত এই বৃহৎ গাড়ী চুৰি চক্রৰ সৈতে জড়িত আন কেইবাটাও চোৰ আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি নুনমাটি আৰক্ষীৰ এক সূত্রই সদৰী কৰে ৷