নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাৎ সুস্থ হৈছে জুবিন, এতিয়া প্রয়োজন শাৰীৰিক–মানসিক বিশ্রামৰঃ নেমকেয়াৰত চিকিৎসা অব্যাহত

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ ক্রমাৎ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে যুৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গৰ স্বাস্থ্য৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ আইচিইউ কক্ষত চিকিৎসাধীন জুবিন সুস্থ হৈ উঠিছে৷ এটা বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত থকা জুবিনে স্বাভাৱিকভাৱেই গ্রহণ কৰিছে খাদ্য৷ এই কথা সদৰী কৰিছে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত ডাঃ বৰুৱাই কয়– ‘জুবিন সুস্থ হৈছে৷ ভালদৰে কথা পাতিছে৷ কিন্তু তেওঁক শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট জিৰণিৰ প্রয়োজন৷ চিকিৎসকৰ সৈতে আলোচনা কৰি জুবিনক তিনি–চাৰি দিন আইচিইউত ৰখা হ’ব৷’ একে সময়তে শাৰীৰিক অৱস্থাৰ প্রতি লক্ষ্য ৰাখি গুণমুগ্ধক জুবিনক সাক্ষাৎ কৰাৰ পৰা বিৰত থাকিবলৈ ডাঃ বৰুৱাই আহ্বান জনায়৷ অৱশ্যে আইচিইউ কক্ষৰ বিছনাত থাকিলেও কাম কৰিবলৈ অধীৰ আগ্রহী হৈ আছে জুবিন গার্গ৷ পত্নী গৰিমা শইকীয়া গার্গে সংবাদ মাধ্যমৰ আগত এই প্রসংগত কয়– মানুহৰ মাজত কাম কৰি থাকি জুবিনে ভাল পায়৷ তেওঁ কৈছে যে মোক কিয় দৰব দি শুৱাব লগা হৈছে৷ কাম কৰিবলৈ দিলে তেওঁ নিজেই জিৰণি ল’ব বুলি কৈছে৷ উল্লেখ্য যে যোৱা শুকুৰবাৰে সন্ধিয়া গুৱাহাটী টাউন ক্লাবৰ এক অনুষ্ঠানত আকস্মিকভাৱে অসুস্থ হৈ পৰিছিল জুবিন৷ ইয়াৰ পাছতে ততাতৈয়াকৈ হাস্পতালত ভর্তি কৰোৱা হৈছিল শিল্পীজনক৷ জুবিনৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উদ্বিগ্ণতা৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নেমকেয়াৰ হাস্পতালত উপস্থিত হৈ জুবিনৰ স্বাস্থ্যৰ বুজ লৈছে৷ আজিও বহু অনুৰাগী আৰু বিশিষ্ট ব্যক্তিয়ে জুবিনৰ স্বাস্থ্যৰ বুজ লয়৷ প্রাক্তন সাংসদ বিজয়া চক্রৱর্তী, সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, জনপ্রিয় অভিনেত্রী বৰষাৰাণী বিষয়া, কণ্ঠশিল্পী প্রিয়ংকা ভৰালী, জাতীয়তাবাদী নেতা জগদীশ ভূঞাই জুবিনৰ স্বাস্থ্যৰ বুজ লয়৷

You might also like