কালঘূৰ্ণি ৰেমালৰ সংহাৰত মৰিগাঁৱত অটʼৰিক্সাত গছ পৰি নিহত ছাত্ৰ
নিয়মীয়া বাৰ্তা, ২৮ মেঃ আজি পুৱাই ৰেমালৰ ধ্বংসযজ্ঞই মৰিগাঁৱৰ দীঘলবৰিত এজন ছাত্ৰ সংহাৰ কৰা নিকৰুণ ঘটনাই জিলাবাসীক ব্যথিত কৰি তুলিছে। পুৱা ৭ মান বজাত মৰিগাঁৱৰ গুৰুকুল কনিষ্ঠ মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ কৌশিক আমফি এখন অটʼৰিক্সাত মহাবিদ্যালয়লৈ আহি থকা অৱস্থাত এডাল গছ পৰি হেচা দি ধৰাত থিতাতে নিহত হয়। উল্লেখ্য কৌশিকৰ লগত মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী আৰু ববী পাটৰ নামৰ শিক্ষয়িত্ৰী গৰাকী ধূপগুৰিৰ পৰা আহি দীঘলবৰি পাওঁতে গছ পৰি পথ বন্ধ হোৱা দেখা পাই অন্য পথেৰে যাবলৈ উভতি আহোতে দীঘলবৰি মেলাশালিৰ সমীপত অটʼখনৰ সন্মুখত এডাল কলগছ পৰি থকা পাই অটʼখন ৰাখি দিয়ে। তেনে সময়তে এডাল বকুল গছ উভালি অটʼখন হেঁচা মাৰি ধৰাত কৌশিক থিতাতে নিহত হয়। আনহাতে সামান্য আঘাতপ্ৰাপ্ত হয় চালকজনৰ লগতে মনালিছা আমফি মৃগাক্ষি আমফি নামৰ ছাত্ৰী দুগৰাকী। ইয়াৰ পিছত ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত কৌশিকৰ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনে। উল্লেখ্য মৃত কৌশিক শিক্ষক বালিৰাম দাস আৰু নাৰ্চ লতিকা আমফিৰ একমাত্ৰ সন্তান। মৰণোত্তৰ পৰীক্ষা চলি থকা সময়তে মৰিগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মা হাস্পতালত উপস্থিত হৈ মৃত ছাত্ৰ জনৰ পৰিয়ালক সমবেদনা জনায় আৰু আঘাতপ্ৰাপ্ত কেইজনৰ স্বাস্থ্যৰ বুজ লয়।
তামোল গছ পৰি দুজন আঘাতপ্ৰাপ্ত
আনহাতে নিশাৰ পৰা চলি থকা প্ৰবল ধুমুহাত বঘৰাত তামোল গছ পৰি প্ৰমোদ দাস আৰু পাতিদয়াত প্ৰতিভা ডেকা নামৰ দুজন ব্যক্তিয়ে মূৰত আঘাত পাই। বৰ্তমান দুয়োজন মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।
ক্ষতি পূৰণ দাবী
ৰেমাল ঘূৰ্নি বতাহৰ বলি হোৱা ছাত্ৰ কৌশিক আমফিৰ কৰুণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে। তেওঁলোকে কৌশিক আমফিৰ পৰিয়ালৰক ক্ষতিপূৰন আৰু আহতসকলক সুচিকিৎসা প্ৰদানৰ দাবী জনাইছে চৰকাৰক। অনুৰুপ দাবী কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা প্ৰমূখ সৌৰভ হাজৰিকা, বীৰ লাচিত সেনাৰ মৰিগাঁও জিলা সমিতিৰ কৰ্মকৰ্তা দীপমনি হীৰা, অসম জাতীয় পৰিষদৰ নেতা চিমল দেউৰীয়ে।
প্ৰেৰক প্ৰতাপ হাজৰিকা