লখিমপুৰত ৰেমালৰ প্ৰভাৱ : নীপকোৱে মোকলালে পানী
বিশেষ বাৰ্তা, ২৮ মে’ : বংগোপসাগৰত উৎপত্তি হোৱা ঘুৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ অসমতো পৰিছে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলাতো পৰিছে ৰেমালৰ প্ৰভাৱ। দেওবাৰৰ নিশাৰ পৰা ৰেমালৰ প্ৰভাৱ ত লখিমপুৰত বতাহ বৰষুণ আৰম্ভ হয়। সোমবাৰৰ দুপৰীয়া ভাগত বতাহ বৰষুণৰ প্ৰভাৱ কিছু হ্ৰাস পাইছিল যদিও যোৱা নিশাৰ পৰা পুনৰ প্ৰৱল ৰূপত জিলা খনত বৃষ্টি পাত হয়। বৰষুণ ৰ লগতে বতাহে জিলা খনৰ বিভিন্ন স্থানত ক্ষতি কৰাৰ খবৰ আহিছে। বিশেষকৈ বতাহৰ প্ৰকোপত গছৰ প্ৰকাণ্ড প্ৰকাণ্ড ডাল ভাগি ক্ষতি কৰিছে। আজি পূৱা বেলা এনেদৰে ডাল ভাগি পৰি থকাৰ বাবে বহু পথৰ যাতায়াত ব্যাহত হয়। যাতায়াত ব্যাহত হোৱাকে ধৰি কেতবোৰ সৰু সুৰা ক্ষতি হোৱাৰো খবৰ ওলাইছে। ৰেমালৰ প্ৰভাৱত জিলা খনত এনে পৰিবেশ সৃষ্টি হোৱাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি জিলা খনলৈ আন এক সংকট নামি আহিছে। জিলাখনৰ বাবে এই সংকট নমাই আনিছে উত্তৰ পূৱ শক্তি নিগম-চমুকৈ নীপকোৱে। নীপকোৱে অৰুণাচলৰ য়াজালিত থকা ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰঙা নদীত পানী মোকোলাই দিছে। আজি পুৱা বেলা নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্ক বাৰ্তা প্ৰেৰণ কৰা হয়। প্ৰৱল বৃষ্টি পাতৰ বাবে প্ৰকল্পটোত পানীৰ চাপ বৃদ্ধি হোৱাৰ বাবে প্ৰকল্পটোৰ অতিৰিক্ত জলৰাশি মোকোলাই দিয়া হব পাৰে বুলি নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনক সতৰ্ক কৰি দিয়ে। ইয়াৰ পিছতে নীপকোৱে প্ৰকল্পটোৰ এখন গেট দুশ মিলিমিটাৰ খুলি দিয়ে। পৰৱৰ্তী সময়ত ইয়াৰ পৰিমাণ ৮শলৈ বৃদ্ধি কৰাৰ পাছত বিয়লি ১৫শ মিলিমিটাৰলৈ বঢায়।ফলত নদীখনৰ জলপৃষ্ঠ ক্ৰমে বাঢিবলৈ ধৰিছে। এই লৈ নদীপৰীয়া ৰাইজ শংকিত হৈ পৰিছে। ৰেমালৰ প্ৰভাৱত হৈ থকা ধাৰাসাৰ বৰষুণ আৰু বতাহৰ উপৰি নীপকোৱে পানী খুলি দিয়াত জিলা খনলৈ অশনি সংকেত নামি আহিছে। ৰেমালৰ দৰে প্ৰাকৃতিক দুৰ্যোগে জিলাঁখনক জোকাৰি থকাৰ সময়তে নীপকোৱে প্ৰকল্পৰ পানী খুলি দিয়াত ৰাইজ শংকিত হৈ পৰিছে। ৰাইজে নীপকোক বহুত বেছি পৰিমাণৰ পানী খোলাৰ বিপৰীতে কম কমকৈ পানী খুলিবলৈ নীপকোক দাবী জনাইছে।
প্ৰেৰক জীৱন গোস্বামী