#ঢেকীয়াজুলিত সাগৰীয় ঘূৰ্ণি ৰেমেলৰ তাণ্ডৱ
#ৰেমেলৰ প্ৰভাৱত চেন্ট উৰচুলা হাইস্কুলৰ স্কুলবাছত গছ পৰি আহত ১০
#আহতক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ৷
বিশেষ বাৰ্তা, ২৮ মে’ : বঙ্গোপসাগৰত সৃষ্টি হোৱা সাগৰীয় প্ৰচণ্ড ঘূৰ্ণি বতাহ ৰেমেলে তাণ্ডৱ সৃষ্টি কৰে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত। সাগৰীয় ঘূৰ্ণি বতাহ ৰেমেলৰ প্ৰভাৱত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ চেন্ট উৰচুলা হাইস্কুলৰ স্কুল বাছত প্ৰকাণ্ড ইউক্লিপটাছ গছ বাগৰি শিক্ষয়িত্ৰীসহ ১০ ছাত্ৰ-ছাত্ৰী আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৭:২২ বজাত ঢেকিয়াজুলিৰ চেন্ট উৰচুলা হাইস্কুলৰ স্কুল বাছ এখনে ছাত্ৰ-ছাত্ৰীসকলক কঢ়িয়াই বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখভাগত উপস্থিত হওঁতেই স্কুল বাছখনৰ ওপৰত প্ৰকাণ্ড ইউক্লিপটাছ গছ এডাল বাগৰি পৰাত বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসহ ১০গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়। আহতসকলক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰে মনীষ তপ্প নামৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনে ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ছাত্ৰী প্ৰতীতি কাশ্যপ আৰু শিক্ষয়িত্ৰী নন্দিতা শইকীয়ায়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বাছখনত থকা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে বৰ্ণীনি শইকীয়া,ৰণবীৰ শইকীয়া,আকাশী কোচ, পায়েল জয়ছোৱাল,দীক্ষা শৰ্মা,জেচমিন তপ্ন,ঝেলুম ফাৰ্নান্দেজ আহত হয়৷ আহত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষয়িত্ৰীগৰাকীক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে এগৰাকী ছাত্ৰী প্ৰতীতি কাশ্যপে মূৰত গুৰুতৰভাৱে আঘাত পোৱাত ছাত্ৰীগৰাকীক তেজপুৰৰ টাইমছ হস্পিতালত ভৰ্তি কৰা হৈছে। সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বন বিভাগৰ দল উপস্থিত হৈ বাছত বাগৰি পৰা গছডাল মেচিনেৰে কটাৰ ব্যৱস্থা কৰিছে। মনকৰিবলগীয়া যে বাগৰি পৰা গছডালৰ লগতে আন এডাল প্ৰকাণ্ড ইউক্লিপটাছ গছ পৰো পৰো অৱস্থাত হাউলি আছিল। আৰক্ষী আৰু বনবিভাগে মৰণফান্দসদৃশ গছডাল কাটি বগৰাই দিয়াত ভয়ংকৰ বিপদৰ পৰা ছাত্ৰ-ছাত্ৰীসকল ৰক্ষা পৰিল বুলি জনাইছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকবৃন্দই।
প্ৰেৰক কল্পজ্যোতি নাথ