উৎকোচ লৈ হাত দাঙিলে সৰ্থেবাৰী ৰাজহ চক্ৰৰ লাটমণ্ডল লৱকান্ত নাথে
নিয়মীয়া বাৰ্তা, ২৮ মে’ : দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰৰ ধাৰাবাহিক অভিযান চলি থকাৰ পিছতো একাংশ টকা খঁকুৱা কৰ্মচাৰীয়ে লোভ সামৰিব পৰা নাই। নিসংকোচে এইচাম কৰ্মচাৰীয়ে চলাই গৈছে অবাধ দুৰ্নীতি। সাধাৰণ লোকক হাৰাশাস্তি কৰি একোটা সাধাৰণ কাম কৰি দিয়াৰ বাবে লৈছে লাখ লাখ টকাৰ উৎকোচ। আজি উৎকোচ লৈ হাত দাঙিব লগীয়া হ’ল এগৰাকী লাট মণ্ডল। এইবাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ এগৰাকী লাটমণ্ডলে উৎকোচ লৈ হাত দাঙিব লগীয়া হয়। ঘটনাৰ বিৱৰণী অনুসৰি সৰুক্ষেত্ৰী মৌজাৰ তিনি নং লাটৰ ক্ষুদ্ৰ বামুনবড়ীৰ এটুকুৰা মাটি নামজাৰী কৰা সম্পৰ্কত লাট মণ্ডল লৱকান্ত নাথে বিচাৰিছিল উৎকোচ। উল্লেখ্য যে তিনি বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল বৰপেটা জিলাৰ সৰভোগৰ লৱকান্ত নাথে। অভিযোগ মতে বিশ বছৰ পূৰ্বে ক্ৰয় কৰা মাটি নামজাৰী কৰা সম্পৰ্কত লাট মণ্ডল লৱকান্ত নাথে এক লাখ টকা দাবী কৰিছিল। বহুদিন বিভিন্ন অজুহাত দেখুৱাই ঘূৰাই আছিল লোকজনক। অৱশেষত ৯৫ হাজাৰ টকাত বন্দোবস্ত কৰি ভুক্তভোগী লোকজনে দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰে। দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ পৰামৰ্শ ক্ৰমে আজি ভুক্তভোগী লোকজনে লাট মণ্ডল লৱকান্ত নাথক পাঁচ হাজাৰ টকা উৎকোচ দিয়ে । সৰ্থেবাৰী ৰাজহ চক্ৰৰ কম্পিউটাৰ কোঠাত লোকজনক মাতি নি লাট মণ্ডল লৱকান্ত নাথে উৎকোচৰ পাঁচ হাজাৰ টকা গ্ৰহণ কৰে। পূৰ্বৰ পৰাই খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ দলে লগেলগে অভিযান চলাই লৱকান্ত নাথক হাতেলোতে ধৰা পেলায়। উৎকোচ লোৱা লৱকান্ত নাথক ধৰাৰ পিছতেই সৰ্থেবাৰী আৰক্ষীক খবৰ দিয়ে দুৰ্নীতি নিবাৰক শাখাই। দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া মাৰুফ আশ্ৰফ হুছেইনৰ নেতৃত্বত চলিছিল এই অভিযান। দীৰ্ঘদিন ধৰি সৰ্থেবাৰী ৰাজহ চক্ৰত দুৰ্নীতি চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ লাট মণ্ডলে প্ৰায়ে সাধাৰণ কামত চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ অহা লোকক টকা বিচাৰি হাৰাশাস্তি কৰি অহাৰ অভিযোগ আছে।আজি দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল লৱকান্ত নাথক ধৰা পেলোৱাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে।
প্ৰেৰক নকুল তালুকদাৰ