সদ্যপ্ৰয়াত বিৰুবালা ৰাভাৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন সৰ্বানন্দ সোণোৱালৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মে’ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদ্যপ্ৰয়াত বিৰুবালা ৰাভাৰ গোৱালপাৰাৰ বাসগৃহত আজি উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বিৰুবালা ৰাভাৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জনায়। সোণোৱালে উল্লেখ কৰে, “সমাজৰ অন্ধবিশ্বাস, কু সংস্কাৰৰ বিৰুদ্ধে অদম্য মনোবল আৰু সাহসেৰে যুঁজ দি শ্ৰদ্ধাৰ বিৰুবালা ৰাভাই নাৰীশক্তিৰ নিদৰ্শন দেখুৱাই থৈ গ’ল। পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বিৰুবালা ৰাভাৰ সান্নিধ্যই যিকোনো পৰিস্থিতিকে নেওচি সমাজৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ আমাক উদ্বুদ্ধ কৰিছিল। তেওঁ কু সংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে এক গভীৰ মানৱতাবাদী দৰ্শনেৰে সমাজ সংস্কাৰৰ মহৎ আন্দোলন গঢ়ি তুলিছিল আৰু ভিতৰুৱা অঞ্চলৰ জনসাধাৰণক কু সংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগ-সচেতন কৰিছিল। এখন সুস্থ আৰু আধুনিক মনৰ সমাজ গঢ়াত তেওঁ গ্ৰহণ কৰা সবল ভূমিকা স্মৰণীয় হৈ থাকিব। বাইদেউৰ বিয়োগত আমি গভীৰভাৱে মৰ্মাহত হৈছোঁ। তেওঁৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।”