নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূটানত ডাৱৰ বিস্ফোৰণৰ আশংকা : বৰপেটা-বাক্সালৈ সতৰ্কবাণী

নিয়মীয়া বাৰ্তা, ২৮ মে’ : ৰাজ্যত ৰেমালে ভয়ংকৰ পৰিস্থিতি সূচনা কৰাৰ মাজতেই চুবুৰীয়া ৰাষ্ট্ৰ ভূটান কৰ্তৃপক্ষৰ সাবধানবাণীয়ে আতংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক । আজি ভূটান-ভাৰত বন্ধুত্ব সংস্থাৰ ছানদ্ৰুপজংখাৰ চেক্টৰৰ উপদেষ্টা চিৰিং নামগেলে এক ভিডিঅ’ বাৰ্তাযোগে সদৰি কৰা অনুসৰি আজিৰে পৰা ভূটানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আহিব ধাৰাসাৰ বৃষ্টি । ইয়াৰ ফলত ভূটানত ডাৱৰ বিস্ফোৰণৰ লগতে হব পাৰে ব্যাপক হাৰত ভূমি স্খলন। আনকি ভূটানৰ পৰা বৈ অহা পানীয়ে অসমত কৰিব পৰা ক্ষয়ক্ষতিৰ আশংকা ব্যক্ত কৰাৰ লগতে সকলোকে সাৱধান হবলৈ ভিডিঅ’ বাৰ্তাযোগে আহ্বান জনাই নামগেলে। উল্লেখ্য যে ভূটানৰ পৰা বৈ অহা পানীয়ে ৰাজ্যখনৰ কেবাখনো জিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰে । উল্লেখ্য যে, পূৰ্বতে ভূটানত হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ লগতে আন আন প্ৰকল্পসমূহৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলত বেকী, মানাহ ,আই নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰে। ২০০৪ আৰু ২০০৭ চনত কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা বৰপেটা জিলা প্ৰলয়ংকাৰী বানৰ কবলত পৰি হাজাৰ হাজাৰ ৰাইজ ক্ষতিগ্ৰস্ত হৈছিল ।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like