নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাগলীয়াত বৃহৎ পৰিমাণৰ নকল সোণসহ আটক ৩

নিয়মীয়া বাৰ্তা,  ২৯ মে’ : ধুবুৰী জিলাৰ  ছাগলীয়াত বৃহৎ পৰিমাণৰ নকল সোণসহ তিনিজনক আটক কৰে আৰক্ষীয়ে । অসম-বংগ সীমান্তৰ ছাগলীয়াৰ মাজেদি এ এছ-০১বি এইচ-৭৭৯১ নম্বৰৰ ছুইফট ডিজিয়াৰ বাহনেৰে নকল সোণখিনি বংগলৈ লৈ গৈ থকাৰ সময়তে নকল সোণসহ তিনিজন সৰবৰাহকাৰীক ছাগলীয়াৰ ঘাইপথত আটক কৰিবলৈ সক্ষম হয়।  অৰ্ধসামৰিক বাহিনী আৰু ছাগলীয়া আৰক্ষীয়ে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৮২০ গ্ৰাম নকল সোণসহ গৌৰীপুৰৰ ক্ৰমে আব্দুল আলিম আৰু ৰফিকুল ইছলাম আৰু তামাহাটৰ  মিজানুৰ প্ৰধানী নামৰ তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

 

প্ৰেৰক শ্য়ামল চন্দ্ৰ ৰয়

You might also like