নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনৰ ভোটগণনা উপলক্ষে ৪ জুনত ড্রাই ডে’ ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জুনঃ দেশত শান্তিপূর্ণ, মুক্ত আৰু সফল নির্বাচন অনুষ্ঠিত কৰি শক্তিশালী গণতন্ত্র প্রতিষ্ঠাৰ বাবে ভাৰতৰ নির্বাচন আযোগে ৪ জুনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নির্বাচনৰ ভোট গণনাৰ দিনটোত ভোট গণনা শেষ নোহোৱা পর্যন্ত সমগ্র দিনটো ড্রাই ডে’ ঘোষণা কৰিছে। এই ঘোষণা কৰিছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে। ড্রাই ডে’ ঘোষণা হোৱা সময়খিনিত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্রব্য মজুতকৰণ, সুৰা বিক্রী, মাদক দ্রব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্রী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নির্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অনা ধৰণৰ প্রতিষ্ঠানত এই ড্রাই ডে’ৰ সময়ছোৱাত মদ বিক্রী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব। তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আবকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্রবিহীনভাৱে মাদক দ্রব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ’ব আৰু আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব।

You might also like