কন্যাকুমাৰীত সাধনাই অনা নতুন সংকল্প
🔹 নৰেন্দ্র মোদী
মোৰ মৰমৰ দেশবাসী,
আজি ১ জুনত গণতন্ত্রৰ অন্যতম বৃহৎ উৎসৱৰ প্রথমটো পর্ব সম্পূর্ণ হৈছে৷ কন্যাকুমাৰীত তিনিদিনৰ আধ্যাত্মিক যাত্রাৰ পিছত, মই এতিয়া দিল্লী অভিমুখী বিমানত উঠিছোঁ… কাশীকে ধৰি বহুতো আসনৰ বাবে ভোটগ্রহণ চলিয়ে আছে৷ কিমান যে অনুভৱ, কিমান যে অভিজ্ঞতা… মই নিজৰ ভিতৰত এক সীমাহীন শক্তিপ্রৱাহ অনুভৱ কৰি আছোঁ৷
সঁচাই, ’২৪ৰ এই নির্বাচনত বহুতো সুখজনক সংযোগ ঘটিছে৷ অমৃতকালৰ এই প্রথম লোকসভা নির্বাচনত, মই ১৮৫৭ চনৰ প্রথম স্বাধীনতা সংগ্রামৰ প্রেৰণাস্থলী মীৰাটৰ পৰা প্রচাৰ আৰম্ভ কৰিছিলোঁ৷ আই ভাৰতীৰ পৰিক্রমা কৰি এই নির্বাচনৰ মোৰ অন্তিমখন সভা পঞ্জাবৰ হোচিয়াৰপুৰত অনুষ্ঠিত হৈছিল৷ আমাৰ গুৰুসকলৰ ভূমি, সন্ত ৰবিদাসজীৰ তপোভূমি পঞ্জাবত অন্তিমখন সভা অনুষ্ঠিত কৰাটোও অতি বিশেষ৷ ইয়াৰ পিছত, মই কন্যাকুমাৰীত ভাৰত মাতৃৰ চৰণত বহাৰ সুযোগ পাইছিলোঁ৷ ইয়াৰ প্রাৰম্ভিক মুহূর্তবোৰত, নির্বাচনৰ কোলাহল মোৰ মনত প্রতিধ্বনিত হৈছিল৷ ৰেলী, ৰোড শ্ব’ত মই দেখা অগণন মুখ মোৰ চকুৰ আগত ভাঁহি আছিল৷ মাতৃ, ভগ্ণী আৰু কন্যাৰ সীমাহীন প্রেম, তেওঁলোকৰ আশীর্বাদৰ সেই জোৱাৰ… তেওঁলোকৰ চকুত মোৰ প্রতি সেই বিশ্বাস, সেই আদৰ… মই সকলোবোৰ হূদয়ংগম কৰি আছিলোঁ৷ মোৰ চকু সেমেকি গৈছিল… মই শূন্যতালৈ গৈ আছিলোঁ, সাধনাত প্রৱেশ কৰি আছিলোঁ৷
কিছু মুহূর্তৰ ভিতৰতে, ৰাজনৈতিক তর্ক, যুদ্ধ আৰু প্রতি–আক্রমণ… অভিযোগৰ সুৰ আৰু শব্দবোৰ এক শূন্যতালৈ গৈছিল৷ মোৰ মনত নির্লিপ্ততাৰ অনুভৱ অধিক তীব্র হৈ পৰিছিল… মোৰ মন বাহিৰৰ পৃথিৱীৰ পৰা সম্পূর্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল৷
ইমান ডাঙৰ দায়িত্বৰ মাজত এনে সাধনা কঠিন, কিন্তু কন্যাকুমাৰীৰ ভূমি আৰু স্বামী বিবেকানন্দৰ অনুপ্রেৰণাই ইয়াক সহজ কৰি তুলিছিল৷ মই মোৰ কাশীৰ ভোটাৰসকলৰ চৰণত এজন সাংসদ হিচাপে মোৰ নির্বাচন এৰি ইয়ালৈ আহিছিলোঁ৷
মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে তেওঁ মোক জন্মৰ পৰাই এই সংস্কাৰ দিছিল৷ মই এহটোও ভাবি আছিলোঁ যে স্বামী বিবেকানন্দজীয়ে সেই ঠাহত তেওঁৰ সাধনাৰ সময়ত কি অনুভৱ কৰিছিল৷ মোৰ সাধনাৰ এটা অংশ এইধৰণৰ চিন্তাপ্রৱাহলৈ ধাৱমান হৈছিল৷
শান্তি আৰু নীৰৱতাৰ মাজত, এই বিচ্ছিন্নতাৰ মাজত, ভাৰতৰ এক উজ্জ্বল ভৱিষ্যতৰ বাবে, ভাৰতৰ লক্ষ্যৰ বাবে মই নিৰন্তৰ চিন্তাৰে উপচি পৰিছিলোঁ৷ কন্যাকুমাৰীৰ উদীয়মান সূর্যই মোৰ চিন্তাধাৰাক নতুন উচ্চতা প্রদান কৰিছিল, সাগৰৰ বিশালতাই মোৰ চিন্তাধাৰা সম্প্রসাৰিত কৰিছিল আৰু দিগন্তৰ সম্প্রসাৰণে মোক বিশ্বব্রহ্মাণ্ডৰ গভীৰতাত অন্তর্ভুক্ত, একাত্মতা আৰু একতা অনুভৱ কৰাইছিল৷ এনে লাগিছিল যেন কেইবা দশক আগতে হিমালয়ৰ কোলাত কৰা চিন্তা আৰু অভিজ্ঞতাবোৰ পুনৰুজ্জীৱিত হৈছে৷
বন্ধুসকল,
কন্যাকুমাৰীৰ এই ঠাহখন সদায় মোৰ মনৰ খুব ওচৰত৷ কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম’ৰিয়েল শ্রী একনাথ ৰাণদেজীয়ে নির্মাণ কৰিছিল৷ মই একনাথজীৰ সৈতে বহুত ভ্রমণ কৰাৰ সুযোগ পাইছিলোঁ৷ এই স্মাৰক নির্মাণৰ সময়ত, কিছু সময়ৰ বাবে কন্যাকুমাৰীত থকা, তালৈ অহা–যোৱাও স্বাভাৱিকতে হৈছিল৷
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ… এয়া আমাৰ উমৈহতীয়া পৰিচয়, যিবোৰ প্রতিজন দেশবাসীৰ হূদয়ত অন্তর্ভুক্ত হৈ আছে৷ এইটো শক্তিপীঠ য’ত মা শক্তিয়ে কন্যাকুমাৰীৰূপে অৱতাৰ গ্রহণ কৰিছিল৷ এই দক্ষিণ প্রান্তত, মা শক্তিয়ে তপস্যা কৰিছিল আৰু ভাৰতৰ উত্তৰ প্রান্তৰ হিমালয়ত বিৰাজমান ভগৱান শিৱৰ বাবে অপেক্ষা কৰিছিল৷
কন্যাকুমাৰী হৈছে সংগমৰ স্থল৷ আমাৰ দেশৰ পৱিত্র নদীবোৰ বিভিন্ন সাগৰত মিলিত হয় আৰু ইয়াত সেই সাগৰৰ সংগম আছে৷ আৰু ইয়াত আন এক মহান সংগম আহিছে– ভাৰতৰ আদর্শৰ সংগম
ইয়াত বিবেকানন্দ ৰক মেম’ৰিয়েলৰ সৈতে সন্ত তিৰুভাল্লুভাৰৰ বিশাল মূর্তি, গান্ধী মণ্ডপম আৰু কামৰাজৰ মণি মণ্ডপম আছে৷ মহান নায়কসকলৰ চিন্তাধাৰাবোৰে ইয়াত ৰাষ্ট্রীয় চিন্তাৰ এক সংগম গঠন কৰে৷ ইয়াৰ ফলত ৰাষ্ট্র নির্মাণৰ বাবে মহান অনুপ্রেৰণাৰ উদ্ভৱ হয়৷ যিসকলে ভাৰত আৰু ৰাষ্ট্রৰ ঐক্যৰ ওপৰত সন্দেহ কৰে, কন্যাকুমাৰীৰ এই ভূমিয়ে একতাৰ এক অতুলনীয় বার্তা প্রদান কৰে৷
কন্যাকুমাৰীৰ সন্ত তিৰুভাল্লুভাৰৰ বিশাল মূর্তিটোৱে সাগৰৰ পৰা ভাৰতী মাতৃৰ বিস্তাৰক প্রত্যক্ষ কৰি থকা যেন লাগে৷ তেওঁৰ ৰচনা ‘তিৰুক্কুৰাল’ তামিল সাহিত্যৰ ৰত্নৰে সজ্জিত মুকুটৰ দৰে৷ ই জীৱনৰ প্রতিটো দিশ বর্ণনা কৰে, যি আমাক নিজৰ আৰু ৰাষ্ট্রৰ বাবে আমাৰ সর্বশ্রেষ্ঠ প্রদান কৰিবলৈ অনুপ্রাণিত কৰে৷ ইমান ডাঙৰ ব্যক্তিত্বক শ্রদ্ধাঞ্জলি জনোৱাটোও মোৰ বাবে ডাঙৰ সৌভাগ্যৰ বিষয় আছিল৷
বন্ধুসকল,
স্বামী বিবেকানন্দই কৈছিল– Every Nation Has a Message To deliver, a mission to fulfil, a destiny to reach.
ভাৰতে হাজাৰ হাজাৰ বছৰ ধৰি এই অর্থপূর্ণ উদ্দেশ্যৰে আগবাঢ়ি আহিছে৷ ভাৰত হাজাৰ হাজাৰ বছৰ ধৰি এই ধাৰণাসমূহৰ গৱেষণাৰ কেন্দ্র হৈ আহিছে৷ আমি কেতিয়াও আমাৰ ব্যক্তিগত মূলধন হিচাপে অর্থনৈতিক বা ভৌতিক মাপকাঠীত উপার্জন কৰাখিনি ওজন কৰা নাই৷ সেয়েহে, ‘হদম না মম’ ভাৰতৰ চৰিত্রৰ এক স্বাভাৱিক আৰু প্রাকৃতিক অংশ হৈ পৰিছে৷
ভাৰতৰ কল্যাণৰ জৰিয়তে বিশ্বৰ কল্যাণ আৰু ভাৰতৰ প্রগতিৰ জৰিয়তে বিশ্বৰ প্রগতিৰ এক উৎকৃষ্ট উদাহৰণ হৈছে স্বাধীনতা আন্দোলন৷ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হয়৷ সেই সময়ত পৃথিৱীৰ বহুতো দেশ দাসত্বত আছিল৷ ভাৰতৰ স্বাধীনতাই সেই দেশসমূহক অনুপ্রাণিত আৰু শক্তিশালী কৰিছিল আৰু তেওঁলোকে স্বাধীনতা লাভ কৰিছিল৷ এই মুহূর্তত, ক’ৰোনাৰ কঠিন সময়ৰ উদাহৰণো আমাৰ সন্মুখত আছে৷ যেতিয়া দৰিদ্র আৰু উন্নয়নশীল দেশসমূহৰ বিষয়ে আশংকা প্রকাশ কৰা হৈছিল, কিন্তু ভাৰতৰ সফল প্রচেষ্টাই সকলো দেশক উৎসাহিত আৰু সমর্থন কৰিছিল৷
আজি ভাৰতৰ শাসন আর্হি বিশ্বৰ বহুতো দেশৰ বাবে এক উদাহৰণ হৈ পৰিছে৷ মাত্র ১০ বছৰত ২৫ কোটি লোকক দৰিদ্রতাৰ পৰা উলিয়াহ অনাটো অভূতপূর্ব৷ আজি বিশ্বত জনসাধাৰণৰ সমর্থক সু–শাসন, উচ্চাকাংক্ষী জিলা, উচ্চাকাংক্ষী খণ্ডৰ দৰে অভিনৱ পৰীক্ষা–নিৰীক্ষাৰ বিষয়ে আলোচনা কৰা হৈছে৷ দৰিদ্র লোকসকলক সবল কৰাৰ পৰা অন্তিম মাইল ডেলিভাৰীলৈকে, শাৰীত থকা অন্তিম ব্যক্তিজনকো অগ্রাধিকাৰ দিয়াৰ আমাৰ প্রচেষ্টাই বিশ্বক অনুপ্রাণিত কৰিছে৷ ভাৰতৰ ডিজিটেল ইণ্ডিয়া অভিযান আজি সমগ্র বিশ্বৰ বাবে এক উদাহৰণ যে আমি কেনেদৰে দৰিদ্র লোকসকলক সবল কৰিবলৈ, স্বচ্ছতা আনিবলৈ আৰু তেওঁলোকক অধিকাৰ প্রদান কৰিবলৈ প্রযুক্তি ব্যৱহাৰ কৰিব পাৰোঁ৷ ভাৰতত সুলভ ডাটাই তথ্য আৰু সেৱালৈ দৰিদ্র লোকসকলৰ প্রৱেশাধিকাৰ নিশ্চিত কৰি সামাজিক সমতাৰ মাধ্যম হৈ পৰিছে৷ সমগ্র বিশ্বই গৱেষণাৰ দৃষ্টিকোণৰ পৰা প্রযুক্তিৰ এই গণতান্ত্রিকৰণৰ প্রতি লক্ষ্য ৰাখিছে আৰু ডাঙৰ গোলকীয় সংগঠনবোৰে বহুতো দেশক আমাৰ আর্হিৰ পৰা শিকিবলৈ পৰামর্শ দিছে৷
আজি ভাৰতৰ প্রগতি আৰু ভাৰতৰ উত্থান কেৱল ভাৰতৰ বাবে এক ডাঙৰ সুযোগ নহয়৷ সমগ্র বিশ্বৰ আমাৰ সকলো সহযাত্রী দেশৰ বাবে ই এক ঐতিহাসিক উপলক্ষ৷ জি–২০ৰ সফলতাৰ পিছৰে পৰা, বিশ্বই ভাৰতৰ এই ভূমিকা অধিক দৃঢ়তাৰে গ্রহণ কৰিছে৷ আজি ভাৰতক গোলকীয় দক্ষিণৰ এক শক্তিশালী আৰু গুৰুত্বপূর্ণ কণ্ঠস্বৰ হিচাপে গ্রহণ কৰা হৈছে৷ ভাৰতৰ উদ্যোগত, আফ্রিকান ইউনিয়ন জি–২০ গোটৰ অংশ হৈ পৰে৷ এইটো আফ্রিকাৰ সকলো দেশৰ ভৱিষ্যতৰ এক টার্নিং পইণ্ট হিচাপে প্রমাণিত হৈছে৷
বন্ধুসকল,
নতুন ভাৰতৰ এই স্বৰূপে আমাক গৌৰৱ আৰু স্বাভিমানেৰে ভৰাই তুলিছে, কিন্তু একে সময়তে, ই ১৪০ কোটি দেশবাসীক তেওঁলোকৰ কর্তব্য উপলব্ধি কৰাইছে৷ এতিয়া, এটা মুহূর্তও নষ্ট নকৰাকৈ, আমি ডাঙৰ দায়িত্ব আৰু ডাঙৰ লক্ষ্যৰ দিশত পদক্ষেপ ল’ব লাগিব৷ আমি নতুন সপোন দেখিব লাগিব৷ আপোনাৰ সপোনবোৰ আপোনালোকৰ জীৱন হিচাপে গঢ়িব লাগিব আৰু সেই সপোনবোৰ জীয়াবলৈ আৰম্ভ কৰিব লাগিব৷
আমি ভাৰতৰ উন্নয়নক বিশ্বব্যাপী দৃষ্টিকোণেৰে চাব লাগিব আৰু ইয়াৰ বাবে আমি ভাৰতৰ অন্তর্নিহিত সম্ভাৱনা বুজি পোৱাটো প্রয়োজনীয়৷ আমি ভাৰতৰ শক্তিক স্বীকাৰ আৰু সবল কৰিব লাগিব আৰু বিশ্বৰ স্বার্থত সেইবোৰৰ সম্পূর্ণ ব্যৱহাৰ কৰিব লাগিব৷ আজিৰ গোলকীয় পৰিস্থিতিত, এখন যুৱ ৰাষ্ট্র হিচাপে ভাৰতৰ সম্ভাৱনা আমাৰ বাবে ইমান আনন্দ আৰু সুযোগৰ কথা, য’ৰ পৰা আমি পিছলৈ ঘূৰি চাব নালাগে৷
একবিংশ শতিকাৰ পৃথিৱীয়ে ভাৰতক যথেষ্ট আশাৰে চাই আছে৷ এই গোলকীয় পৰিস্থিতিত আগবাঢ়িবলৈ, আমি বহুতো পৰিৱর্তন কৰিব লাগিব৷ আমি সংস্কাৰৰ বিষয়ে আমাৰ পূৰণি চিন্তাধাৰাও সলনি কৰিব লাগিব৷ ভাৰতে সংস্কাৰক কেৱল অর্থনৈতিক পৰিৱর্তনত সীমাবদ্ধ ৰাখিব নোৱাৰে৷ আমি জীৱনৰ প্রতিটো ক্ষেত্রত সংস্কাৰৰ দিশত আগবাঢ়িব লাগিব৷ আমাৰ সংস্কাৰসমূহ ২০৪৭ চনৰ উন্নত ভাৰতৰ সংকল্পৰ সৈতে সামঞ্জস্যপূর্ণ হ’ব লাগে৷
আমি এইটোও বুজিব লাগিব যে সংস্কাৰ কেতিয়াও কোনো দেশৰ বাবে এক বিচ্ছিন্ন প্রক্রিয়া হ’ব নোৱাৰে৷ সেয়েহে মই দেশৰ বাবে সংস্কাৰ, প্রদর্শন আৰু পৰিৱর্তনৰ দৃষ্টিভংগী আগবঢ়াইছোঁ ৷ সংস্কাৰৰ দায়িত্ব নেতৃত্বৰ৷ তাৰ আধাৰত, আমাৰ আমোলাতন্ত্রই প্রদর্শন কৰে আৰু তাৰ পিছত যেতিয়া ৰাইজে ইয়াত যোগদান কৰে, আমি পৰিৱর্তন হোৱা দেখোঁ৷
ভাৰতক এখন উন্নত ভাৰত হিচাপে গঢ়ি তুলিবলৈ আমি শ্রেষ্ঠতাক মৌলিক অর্থ বনাব লাগিব৷ আমি গতি, মাত্রা, পৰিসৰ আৰু মানদণ্ড সকলো দিশত দ্রুতগতিত কাম কৰিব লাগিব৷ আমি উৎপাদনৰ লগতে গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগিব, আমি শূন্য ত্রুটি–শূন্য প্রভাৱৰ মন্ত্র গ্রহণ কৰিব লাগিব৷
বন্ধুসকল,
আমি প্রতিটো মুহূর্তত গৌৰৱান্বিত হোৱা উচিত যে ঈশ্বৰে আমাক ভাৰত দেশত জন্ম দিছে৷ ঈশ্বৰে আমাক ভাৰতৰ সেৱা কৰিবলৈ আৰু ইয়াৰ সন্মিলনত আমাৰ ভূমিকা পালন কৰিবলৈ বাছনি কৰিছে৷
আমি প্রাচীন মূল্যবোধক আধুনিক ৰূপত গ্রহণ কৰি আমাৰ ঐতিহ্যক আধুনিক উপায়েৰে পুনৰ উজ্জীৱিত কৰিব লাগিব৷
আমি এখন ৰাষ্ট্র হিচাপে পুৰণি চিন্তা আৰু বিশ্বাসবোৰো পৰিষ্কাৰ কৰিব লাগিব৷ আমি আমাৰ সমাজক পেছাদাৰী নিৰাশাবাদীসকলৰ চাপৰ পৰা আঁতৰাই নিব লাগিব৷ আমি মনত ৰাখিব লাগিব, নেতিবাচকতাৰ পৰা মুক্তি হৈছে সফলতা লাভ কৰাৰ বাবে প্রথম ঔষধ৷ সফলতা ইতিবাচকতাৰ কোলাত বিকশিত হয়৷
ভাৰতৰ অসীম আৰু অমৰ শক্তিৰ ওপৰত মোৰ আস্থা, শ্রদ্ধা আৰু বিশ্বাসো দিনকদিনে বাঢ়ি আহিছে৷ মই ভাৰতৰ এই সম্ভাৱনা অধিক বৃদ্ধি হোৱা দেখিছোঁ আৰু যোৱা ১০ বছৰত ইয়াক অধিক অনুভৱ কৰিছোঁ৷
ঠিক যেনেদৰে আমি বিংশ শতিকাৰ চতুর্থ–পঞ্চম দশকটো আমাৰ স্বাধীনতাৰ বাবে ব্যৱহাৰ কৰিছিলোঁ, ঠিক তেনেদৰে আমি একবিংশ শতিকাৰ এই ২৫ বছৰত এক উন্নত ভাৰতৰ ভেটি স্থাপন কৰিব লাগিব৷ স্বাধীনতা সংগ্রামৰ সময়ত দেশবাসীৰ সন্মুখত ত্যাগৰ সময় আছিল৷ আজি ত্যাগৰ নহয় বৰঞ্চ নিৰন্তৰ অৱদানৰ সময়৷
স্বামী বিবেকানন্দই ১৮৯৭ চনত কৈছিল যে আমি পৰৱর্তী ৫০ বছৰ কেৱল আৰু কেৱল ৰাষ্ট্রৰ বাবে উৎসর্গা কৰিব লাগিব৷ তেওঁৰ আহ্বানৰ ঠিক ৫০ বছৰ পিছত, ভাৰত ১৯৪৭ চনত স্বাধীন হয়৷
আজি আমাৰ ওচৰতো এনেকুৱা এটা সোণালী সুযোগ আছে৷ আহক আমি পৰৱর্তী ২৫ বছৰ কেৱল ৰাষ্ট্রলৈ উৎসর্গা কৰোঁ৷ আমাৰ এই প্রচেষ্টাবোৰ পিছৰ প্রজন্ম আৰু অনাগত শতিকালৈ নতুন ভাৰতৰ এক শক্তিশালী ভেটি হিচাপে অমৰ হৈ থাকিব৷ দেশৰ শক্তিলৈ চাই কৰি মই ক’ব পাৰোঁ যে লক্ষ্যটো বেছি দূৰ নহয়৷ দ্রুত পদক্ষেপ লওঁ আহক… আহক একেলগে আগবাঢ়ি যাওঁ আৰু ভাৰতক বিকশিত কৰোঁ৷
(এই অনুভৱখিনি প্রধানমন্ত্রী মোদীয়ে ১ জুনত বিয়লি ৪.১৫ বজাৰ পৰা ৭ বজাৰ ভিতৰত কন্যাকুমাৰীৰ পৰা দিল্লীলৈ উভতি অহাৰ সময়ত লিখিছিল)