নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত আৰক্ষীৰ জালত দুই অনলাইন প্ৰৱঞ্চক

🔹 BitForex নামৰ ভুৱা এপৰ জৰিয়তে তৰিছিল প্ৰৱঞ্চনাৰ জাল

নিয়মীয়া বাৰ্তা, ৮ জুন : কৰিমগঞ্জত আৰক্ষীৰ জালত পৰিল দুই অনলাইন প্ৰৱঞ্চক। ক্ৰিপ্ট’ কাৰেন্সীৰ নামত ৰাইজক ৰামঠগন‌ দি টকা আত্মসাৎ কৰা দুই প্ৰতাৰক গ্ৰেপ্তাৰ হৈছে কৰিমগঞ্জত। লগতে উদ্ধাৰ হৈছে নগদ প্ৰায় পঞ্চাশ লাখ টকসহ বহু নথি-পত্ৰ আৰু এখন বিলাসী বাহন‌। কৰিমগঞ্জৰ ৰাতাবাড়ী আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ দুই স্থানত অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে চুলতান আহমেদ চৌধুৰী আৰু আব্দুল কায়ুম চৌধুৰীক। বৰ্তমানে আৰক্ষীয়ে দুয়োকে সোধা-পোছা অব্যাহত ৰাখিছে। আৰক্ষীৰ ধাৰণা- এই চক্ৰৰ সৈতে বহু লোক জড়িত হৈ আছে, লগতে কেইবা কোটি টকাৰ আৰ্থিক জালিয়াতি কৰা হৈছে। উল্ল্যেখ্য যে  দীৰ্ঘদিনৰ পৰা অসমত ক্রিপ্ট’ কাৰেন্সীত টকা লগাই অধিক মুনাফা লাভৰ প্ৰলোভন দেখুৱাই ৰাইজক লুটি আহিছে কিছু দুষ্ট চক্ৰই । ক্রিপ্ট’ কাৰেন্সীৰ নামত ভুৱা এপছ বনাই এটা গেংগ সক্ৰিয় হৈ উঠিছিল। পিছে কৰিমগঞ্জৰ ৰাতাবাড়ী আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰৰ দুই স্থানত অভিযান চলাই এই দুয়োজনক আটক কৰিবলৈ সক্ষম হৈছে। কেইবাজনো পলাতক বুলি জানিব পৰা গৈছে । বৰ্তমানে আৰক্ষীয়ে এই দুয়োজনক সোধা-পোছা অব্যাহত ৰাখিছে। ধৃত দুয়োজন চুলতান আহমেদ চৌধুৰী আৰু আব্দুল কায়ুম চৌধুৰী। চুলতান আহমেদৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে নগদ পঞ্চাশ লাখ টকা । চুলতানৰ ঘৰ কাঠিগৰা আৰক্ষী থানাৰ লেবাপৰপুতা গাঁৱত আৰু কায়ুমৰ ঘৰ কাছাৰ জিলাৰ সোনাই এলেকাত। BitForex নামৰ এটা ভুৱা এপৰ জৰিয়তে তৰিছিল প্ৰৱঞ্চনাৰ জাল। প্ৰলোভন দিয়া হৈছিল অধিক মুনাফাৰ । নিজে প্ৰৱঞ্চিত হৈ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কানাই বজাৰ এলেকাৰ জাহান উদ্দিন নামৰ এজন গ্ৰাহকে ৰাতাবাড়ী থানাত এখন গোচৰ তৰিছিল । আৰক্ষীয়ে ১২৬/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযান চলাই অৱশেষত দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে ।

প্ৰেৰক অসীম দেব

You might also like