নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অঘটন : টি–২০ বিশ্বকাপত নিউজিলেণ্ডক হৰুৱালে আফগানিস্তানে

বিশেষ বার্তা, ৮ জুন : চলিত টি–২০ বিশ্বকাপত চমক সৃষ্টিৰে নিউজিলেণ্ডক পৰাস্ত কৰিলে আফগানিস্তানে৷ আজি অনুষ্ঠিত এখন মেচত শক্তিশালী নিউজিলেণ্ডক ৮৪ ৰানত হৰুৱাই আফগান দলটোৱে৷ প্রথমে বেটিং কৰি আফগানিস্তানে ৬ উইকেটত ১৫৯ ৰান সংগ্রহ কৰে৷ আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজে ৮০ ৰানৰ এক সুন্দৰ ইনিংছ খেলে। প্রত্যুত্তৰত নিউজিলেণ্ড দলটো মাত্র ৭৫ ৰানতে থমকি ৰয়৷ আফগানিস্তানৰ ফাৰুকি আৰু ৰছিদ খানে নিউজিলেণ্ডৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে৷ দুয়োগৰাকী বলাৰে ৪টাকৈ উইকেট দখল কৰে৷ উল্লেখ্য যে টি–২০ বিশ্বকাপত আৰু আন্তজার্তিক ক্রিকেটত নিউজিলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ এয়াই আছিল প্রথম জয়৷

You might also like