নিয়মীয়া বাৰ্তা, ৮ জুন : অসম চাহ জনজাতি ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ডিমৰীয়া শাখা সমিতি আৰু গুৱাহাটী মহানগৰ শাখা সমিতিৰ সহযোগত সোণাপুৰত ৩৬সংখ্যক শ্বহীদ দিৱস পালন কৰা হয় ৷ উল্লেখ্য যে অসম চাহ জনজাতি ছাত্র সন্থাই জন্মলগ্নৰে পৰা একান্ত দায়বদ্ধতাৰে চাহ জনগোষ্ঠী সমাজ তথা অসমৰ বাবে এক অবিৰত সংগ্ৰামী ধাৰাৰে সেৱা আগবঢ়াই আহিছে। ১৯৮৮ চনত আটছাই অসমৰ চাহ শ্রমিক তথা চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰিব লগা হৈছে। ১৯৮৮ চনৰ ৭ জুনৰ দিনা চাহ শ্ৰমিকৰ ওপৰত চৰকাৰ তথা মালিক পক্ষই কৰা শোষণৰ প্ৰতিবাদত ঘোষণা কৰা এক আন্দোলনৰ কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ অহা মৰিয়নিৰ কাঠকটীয়া তিনিআলিত পাঁচজনকৈ আটছা কর্মী ক্রমে কৃতিনাথ ছত্ৰী, গোলেশ্বৰ ছত্ৰী, বুলু কুর্মী, ইন্দ্ৰ তাঁতী আৰু এডমন বাৰলা এক ভয়াৱহ দুর্ঘটনাত পতিত হৈ প্রাণ হেৰুৱাব লগা হৈছিল। ১৯৯২ চনত আনন্দ খালখ আৰু ২০০৯ বৰ্ষৰ ৭ জুনত শ্বহীদ হোৱা অন্য পাচঁজন অমৰ শ্বহীদ ক্রমে অজিত মুণ্ডা, নাৰায়ণ দাস, বিনন্দ পাতৰ, অজয় কুৰ্মী, চামু পাতৰ আৰু ২০১৯ চনত ‘কা’ আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য কালি আটছাৰ সোণাপুৰস্হিত ডিমৰীয়া শাখাৰ কাৰ্য্যালয়ত ৩৬সংখ্যক শ্বহীদ দিৱস আয়োজন কৰা হয় । এই উপলক্ষে পুৱা আটছাৰ পতাকা উত্তোলন কৰে আটছা কামৰূপ জিলা সমিতিৰ সভাপতি ৰাজু গৰাইতে, স্মৃতি তৰ্পণ কৰে সম্পাদক গৌতম পাটনায়কে, শান্তিৰ প্ৰতীক উছৰ্গা কৰে প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে আৰু বৃক্ষৰোপণৰ পিছতে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ সভাত প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে প্ৰথমে শ্বহীদসকলক স্মৰণ কৰে আৰু শ্বহীদ পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে, সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷
প্ৰেৰক ৰমেশ দাস