নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইলৰ দুলীয়াজানৰ পৰা বিভাগ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধৰ আহ্বান আলফা (স্বাধীন)ৰ

🔹 অসমৰ চাহ বাগিচা-বটলিফ ফেক্টৰীত ১০০% থলুৱা ব্যক্তিক নিযুক্তি

বিশেষ বাৰ্তা, ৮ জুন : অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলিলে পোনছাটেই আমি অসমৰ তৈলক্ষেত্ৰ, কয়লা আৰু চাহ উদ্যোগক কেন্দ্ৰ কৰি গঢ় লৈ উঠা প্ৰতিষ্ঠানসমূহৰ নাম ল’ব লাগিব৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এই প্ৰতিষ্ঠানসমূহে শতিকাজুৰি অসমৰ থলগিৰি জনগণক প্ৰতিটো ক্ষেত্ৰতেই প্ৰতাৰিত আৰু বঞ্চিত কৰি আহিছে৷- আজি সংবাদ মাধ্যমলৈ ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ৰ তৰফৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কেপ্টেইন ৰুমেল অসমে এইদৰে উল্লেখ কৰে। তদুপৰি বিবৃতিটোত উল্লেখ কৰা মতে- অতি সম্প্ৰতি অসমৰ তৈলক্ষেত্ৰত অবৈধ দখলদাৰিত্ব বাহাল ৰখা “অইল ইণ্ডিয়া লিমিটেড (Oil India Limited/OIL) আৰু ভাৰতীয় তৈল নিগম লিমিটেড (Oil India Corporation Limited/IOCL)য়ে বিভিন্ন অজুহাত দেখুৱাই অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানস্থিত মুখ্য কাৰ্যালয়ক নামমাফিক কাৰ্যালয়লৈ পৰিৱৰ্তন কৰি কাৰ্যালয়টোৰ পৰা অধিকাংশ বিভাগ অন্য ঠাইলৈ স্থানান্তৰ কৰিব বিচাৰি আৰু ডিগবৈস্থিত ভাৰতীয় তৈল নিগম লিমিটেডে শোধনাগাৰত থলগিৰিৰ যোগ্য আৰু দক্ষ অভিযন্তা, বিষয়া আৰু কৰ্মচাৰীৰ বিপৰীতে বৈষম্যমূলক নীতি গ্ৰহণেৰে বহিৰাগত ব্যক্তিক উক্ত পদসমূহত নিযুক্তি প্ৰদান কৰি পুনৰ এবাৰ থলগিৰিৰ যোগ্য প্ৰত্যাশীক বঞ্চিত কৰিছে৷ এই ভূখণ্ডৰ সম্পদৰ অবৈধ শোষণ আৰু থলগিৰি জনগণক কৰা এনে বৈষম্যমূলক প্ৰতাৰণা আৰু বঞ্চনা থলগিৰি জাতি-জনগোষ্ঠীৰ বাবে কোনো কাৰণতেই গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ অইল ইন্ডিয়া লিঃ আৰু ভাৰতীয় তৈল নিগম লিঃৰ এনে বৈষম্য অব্যাহত থাকিলে অনাগত দিনত উক্ত প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আমাক কঠোৰ হ’বলৈ বাধ্য কৰিব৷ সেয়ে আমি ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনে অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডক নিম্নোল্লিখিত চৰ্ত পূৰণৰ আহ্বান জনালোঁ ৷
১) অইল ইণ্ডিয়া লিমিটেডৰ সকলো বিভাগ স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ কৰি সকলোখিনি দুলীয়াজানতে বাহাল ৰখা ৷
২) অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া পদসমূহত থলগিৰিৰ যোগ্যজনক নিযুক্তি প্ৰদান কৰা ৷
৩) তৈলকূপ খনন আৰু অন্বেষণৰ বাবে স্থানীয় অভিজ্ঞ আৰু দক্ষ প্ৰতিষ্ঠানসমূহক প্ৰথম সুবিধা প্ৰদান কৰা ৷
৪) ভাৰতীয় তৈল নিগম লিমিটেডৰ ডিগবৈ শোধনাগাৰত নিযুক্তি লাভ কৰা বহিৰাগত প্ৰাৰ্থীৰ ঠাইত যোগ্য থলগিৰি প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা৷
আনহাতে, বিগত দুশ বছৰ ধৰি অসমৰ চাহে বিশ্বৰ বিভিন্ন দেশত খ্যাতি বুটলিবলৈ সক্ষম হৈছে যদিও ব্ৰিটিছ শাসনৰ দিনৰ পৰা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল অদ্যাপি এইক্ষেত্ৰত বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ অহাই নহয়, কেঁচাপাতৰ উচিত মূল্যও লাভ কৰিবলৈ সক্ষম হোৱা নাই, ফলত অসমৰ চাহ উদ্যোগটোলৈ সংকট নামি আহিছে৷ ই ক্ষুদ্ৰ চাহ খেতিয়কসকলক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ শেহতীয়াকৈ থলগিৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা কেঁচাপাত বটলিফ ফেক্টৰীসমূহে বিভিন্ন অজুহাত আৰ্জি দি খেতিয়কসকলৰ পৰা ক্ৰয় নকৰাৰ সিদ্ধান্তত খেতিয়কসকলৰ মূৰত আকাশ ভাগি পৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে৷ আনহাতে, বৃহৎ বৃহৎ প্ৰতিষ্ঠান আৰু বটলিফ ফেক্টৰীসমূহত নিযুক্ত হৈ থকা বহিৰাগত মুৰব্বী, বিষয়াই থলগিৰি খেতিয়ক আৰু প্ৰতিষ্ঠানসমূহত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলক শাৰীৰিক আৰু মানসিক উৎপীড়ন চলোৱাৰ অভিযোগ অতি পুৰণি ৷ অসমৰ থলগিৰি ক্ষুদ্ৰ চাহ খেতিয়ক তথা বিভিন্ন প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা থলগিৰি কৰ্মচাৰীৰ ওপৰত চলোৱা এনে প্ৰতাৰণা আৰু উৎপীড়ন কোনো কাৰণতেই সহ্য কৰা নহ’ব৷ সেয়েহে, “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনে অসমৰ প্ৰতিখন সৰু-বৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীসমূহৰ স্বত্বাধিকাৰীসকলক তলত উল্লেখিত চৰ্তসমূহ অনতিপলমে পূৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হ’ল৷
১) অসমৰ প্ৰতিখন সৰু-বৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰীত প্ৰয়োজনীয় মুখ্য প্ৰবন্ধক, মুখ্য পৰিচালকৰ পৰা সাধাৰণ কৰ্মচাৰীজনলৈ ১০০% থলুৱা যোগ্য ব্যক্তিক নিযুক্তি প্ৰদান কৰা৷
২) তাৎক্ষণিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰি কেঁচাপাতৰ উচিত মূল্য প্ৰদানেৰে অন্যান্য সা-সুবিধাসমূহ প্ৰদান কৰা৷
৩) বটলিফ ফেক্টৰীসমূহে কেৱল নিজৰ লাভালাভৰ বাবে অসমৰ থলগিৰি খেতিয়কৰ বিপৰীতে বহিৰাগত ব্যৱসায়ীৰ বাগিচাৰ পৰা কেঁচাপাত লোৱাটো বন্ধ কৰা৷
সমান্তৰালকৈ অসমৰ থলগিৰি জনগণৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈও আমাৰ অনুৰোধ এয়ে যে অধিক উংপাদন আৰু লাভৰ বাবে জনস্বাস্থ্যৰ ক্ষতিকাৰকৰূপী নিষিদ্ধ আৰু অত্যধিক ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ বন্ধ কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ চাহৰ যি সুনাম, সেয়া অটুট থকাত সহযোগিতা আগবঢ়োৱাৰ আন্তৰিকতাৰে কামনা কৰিলোঁ৷

You might also like