নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপত জয়েৰে অভিযান বাংলাদেশৰ

🔹 ক্রমাগত দ্বিতীয় পৰাজয় শ্রীলংকাৰ

বিশেষ বাৰ্তা, ৮ জুন : শ্রীলংকাই চলিত টি–২০ বিশ্বকাপত ক্রমাগত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে৷ আজি পুৱা ডালাছত অনুষ্ঠিত গ্রুপ ‘ডি’ৰ ৰোমাঞ্চকৰ মেচখনত শ্রীলংকাই বাংলাদেশৰ হাতত দুই উইকেটত পৰাস্ত হয়৷ মন কৰিবলগীয়া যে বাংলাদেশে নিজৰ প্রথমখন মেচতে বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত সুন্দৰ আৰম্ভণি ঘটাবলৈ সক্ষম হৈছে৷ মেচখনত শ্রীলংকাই জয়ৰ বাবে বান্ধি দিয়া ১২৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও তৌহিদ হূদয়ৰ দর্শনীয় ৪০ আৰু লিটন দাসৰ গুৰুত্বপূর্ণ ৩৬ ৰানৰ সহায়ত বাংলাদেশে ১৯ অভাৰত ৮টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ মাহমুদুল্লাহে অপৰাজিতভাৱে ১৬ ৰানৰ বৰঙণি আগবঢ়ায়৷ ২৮ ৰানতে বাংলাদেশে তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও লিটন আৰু তৌহিদে চতুর্থ উইকেটত ৬৩ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ সুগম কৰি তুলিছিল৷ তৌহিদৰ ২০টা বলৰ ইংনিংছটোত আছিল এটা চাৰি আৰু চাৰিটা ছয়৷ শ্রীলংকাৰ হৈ নুৱান তুষাৰাই সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি পাথুম নিছানকাৰ ৪৭, ধনঞ্জয় ডি ছিলভাৰ ২০, চৰিথ আছালাংকাৰ ১৯ আৰু এঞ্জেলো মেথিউজৰ ১৬ ৰানৰ সহায়ত শ্রীলংকাই নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১২৪ ৰান সংগ্রহ কৰে৷ বাংলাদেশৰ হৈ মুস্তাফিজুৰ ৰহমান আৰু ৰিছাদ হুছেইন উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰে৷ উল্লেখ্য যে শ্রীলংকাই প্রথমখন মেচত দক্ষিণ আফ্রিকাৰ হাতত পৰাস্ত হৈছিল৷

You might also like