নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰজী শইকীয়াক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ৯ জুন : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ অগ্ৰণী গুণগত চৰকাৰী শিক্ষানুষ্ঠান বালিপৰাৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰজী শইকীয়াক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে । বিদ্যালয়খনৰ কৃতী শিক্ষক, সাহিত্য অকাডেমিৰ অনুবাদ পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক ছত্ৰমান চুব্বাই আঁত ধৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰজী শইকীয়াক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, ব্যক্তিবিশেষে গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, মানপত্ৰৰে বিদায় সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত বালিপৰা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত বি ডি অ’ খগেন তামুলী, নেতাজী বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক স্বপন মৈত্ৰ, অৱসৰপ্ৰাপ্ত শিক্ষক সুভাষ বৈশ্য, সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মূল সচিব, যুৱ নিবন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰা, বালিপৰা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি গায়ত্ৰী বেজবৰুৱাৰ লগতে শিক্ষক ৰাজীৱ শইকীয়া, বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, শিক্ষাৰ্থী আৰু ভালেমান আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, ৰাইজ, শুভাকাংক্ষী উপস্থিত থাকে । উল্লেখ্য যে ৰজী শইকীয়াই খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়খনত ১৯৮৭ চনৰ ১ এপ্ৰিলত এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰাৰ লগতে ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত প্ৰধান শিক্ষয়িত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি যোৱা ৩১ মে’ত অৱসৰ গ্ৰহণ কৰে । শইকীয়া এগৰাকী সমাজসেৱিকা আৰু সাহিত্য সাধক ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

 

You might also like