নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাবাহিক লাভৰ মুখ দেখিছে অসম পশুধন নিগমে : মনোজ শইকীয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ পশুপালন বৃত্তিৰ জৰিয়তে যুৱক-যুৱতীক স্বাৱলম্বী কৰাই নহয় অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমে নিজেও স্বাৱলম্বী হ’বলৈ লক্ষম হৈছে। ২০১৭ চনৰ আগত অৰ্থাৎ নিগমৰ প্ৰতিষ্ঠা দিনৰে পৰা লোকচানৰ সন্মুখীন হৈ থকা অসম পশুধন নিগমে  প্ৰথম ২০১৮-১৯ বিত্তীয় বৰ্ষত লাভৰ মুখ দেখাৰ পৰা ধাৰাবাহিকভাৱে লাভৰ মুখ দেখি আহিছে। আজি অসম পশুধন নিগমৰ সভাগৃহত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিকদৰ্শন আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত নিগমৰ মূল লক্ষ্য বাস্তৱিকতে ৰূপায়ণ কৰা আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন আচঁনিৰ সংযোজনে নিগমৰ প্ৰাসঙ্গীকতা বিগত সময়ত অধিক গ্ৰহণযোগ্য কৰি তুলিছে। বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত নিগমে পুনৰ ৬২,৭৫,৮৪৮ টকাৰে লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। নিগমৰ প্ৰকল্পসমূহ কাৰ্য্যক্ষম কৰি ৰখাটো এক প্ৰকাৰৰ প্ৰত্যাহ্বান যদিও বিষয়া-কৰ্মচাৰীসকলৰ সহযোগিতাই সম্ভৱ কৰি ৰাখিছে।বিশেষ ভাবে দানা প্ৰস্তুতকৰন প্ৰকল্প, কুকুৰা পোৱালি উৎপাদন প্ৰকল্প, আধুনিক কছাইখানা,শীতলীকৰণ ভড়াঁল, কুকুৰা পাম,গাহৰি পাম আদি । বিগত সময়ছোৱাত নিগমে প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতী আৰু বিভিন্ন ক্ষেত্ৰৰ লোকক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিছে। ইয়াৰে ১১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে নিগমৰ জৰিয়তে বেংকৰ পৰা ৰাজসাহাৰ্য্য লাভ কৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। পূৰ্বে গুৱাহাটীতে প্ৰশিক্ষণৰ ব্যৱস্থা আছিল যদিও যোৱা সময়ছোৱাত তিনিচুকীয়া, চৰাইদেউ, ৰঙিয়া, শিৱসাগৰ, যোৰহাট, উত্তৰ গুৱাহাটী, বকো, ধেমাজি, কামৰূপৰ ৰানী আদি বিভিন্ন স্থানত প্ৰশিক্ষণৰ আয়োজন কৰা হয়। যুৱক-যুৱতীসকলৰ লগতে বহু সংখ্যক আত্মসমৰ্পনকাৰী আলফা আৰু বি এল টিৰ সদস্যৰ উপৰি কটন বিশ্ববিদ্যালয়, ইউ এছ টি এম, এন ই এফ কলেজ আদি শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলকো দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হয়। উল্লেখ্য যে, বছৰি প্ৰায় ১০০ ৰো অধিক পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এমহীয়া Internship Training ৰ ব্যৱস্থা কৰা হয়। সংবাদ মেলত অধ্যক্ষ শইকীয়াই লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত কণী আৰু গাহৰি উৎপাদনত গুৰুত্ব প্ৰদান কৰাৰ লগতে উত্তৰ পূৱৰ বজাৰ দখলৰ লক্ষ্যৰে নিবনুৱা যুৱক-যুৱতীসকল উৎসাহিত কৰিবৰ বাবে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ধ্বজাবাহী আচঁনিখনে বিশেষ ভাৱে উদ্যমী যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিছে। ইয়াৰ উপৰিও নিগমৰ তৰফৰ পৰা ১৩৯৪ গৰাকী উদ্যমী পশুপালকক বেঙ্কৰ লগত সংযোগ কৰি ক্ৰেডিট লিংকেজৰ ব্যৱস্থা কৰি দিয়া হৈছে। এই আচঁনিৰ জৰিয়তে নিগমে বিগত বছৰত গাহৰি উৎপাদনৰ বাবে প্ৰথম পৰ্যায়ত ৭ কোটি ৮৮ লাখ টকা আৰু কণী উৎপাদনৰ বাবে ২ কোটি ৫৬ লাখ টকা ৰাজসাহাৰ্য্য হিচাপে মোকলাই দিয়া হৈছে । শেহতীয়া ভাৱে পুনৰ কণী আৰু গাহৰি উৎপাদনৰ বাবে ৪ কোটি ৮৩ লাখ টকা ৰাজসাহাৰ্য্য হিচাপে মোকলাই দিয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ জৰিয়তে কনী আৰু গাহৰি উৎপাদনৰ বাবে মুঠ ১০৭৫ টা একক গোটক স্বাৱলম্বী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ফলত ৰাজ্যৰ যুৱক-যুৱতী তথা উদ্যমি ব্যক্তি সকল এই আঁচনিৰ জৰিয়তে প্ৰতিষ্ঠিত হব পাৰিব আৰু ৰাজ্যখনত উৎপাদনৰ হাৰ যথেষ্ট বৃদ্ধি পাব। নিগমৰ পূৰ্বৰ প্ৰকল্পসমূহৰ লগতে শেহতীয়া ভাৱে গুৱাহাটীৰ খানাপাৰত শীতলীকৰণ ভড়াল আৰু গাহৰিৰ আধুনিক কছাইখানা কাৰ্য্যক্ষম কৰাৰ লগতে ৰাজ্যখনৰ কেইবাটাও স্থানত স্থায়ী বিক্ৰীকেন্দ্ৰ সমূহ মুকলি কৰা হৈছে বুলি অধ্যক্ষ শইকীয়াই জানিবলৈ দিয়ে। সংবাদমেলত নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী আৰু মহাপ্ৰৱন্ধক ড০ পূৰ্ণানন্দ কোৱঁৰ উপস্থিত থাকে।উল্লেখযোগ্য যে আঠ বছৰ আগলৈ পশুধন নিগম নামৰ এটি চৰকাৰী নিগম আছে বুলি মনত নপৰা অস্তিত্বহীন নিগম এটা লাভৰ মুখ দেখুৱাই সফল ৰূপত উজ্জীৱিত কৰাত উপকৃত পশুপালক সকলৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলেও অধ্যক্ষ শইকীয়াৰ বলিষ্ঠ নেতৃত্বক ভূয়সী প্ৰশংসা কৰে ।

পশুধন নিগমৰ উদ্যোগত পশুপালনৰ প্ৰশিক্ষণ শিবিৰ

অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ পশুধন নিগমৰ প্ৰেক্ষাগৃহত ছাগলী, গাহৰি আৰু হাঁহ-কুকুৰা পালন সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্য্যসূচী আৰম্ভ হৈছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা দুই শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচী উদ্বোধন কৰে নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। উদ্বোধনী ভাষণত অধ্যক্ষ শইকীয়াই কয় যে, পশুপালন বৃত্তি সাম্প্ৰতিক সময়ৰ এক লাভজনক বৃত্তি বুলি উল্লেখ কৰি ৰাজ্যখনৰ উৎপাদন বৃদ্ধিৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণতো এই বৃত্তিৰ জৰিয়তে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰি। যুৱক-যুৱতীসকলে নিজকে স্বাৱলম্বী কৰাৰ বাবে এই বৃত্তি গ্ৰহণ কৰা উচিত বুলি মতপোষণ কৰি নিগমৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানত নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী আৰু মহাপ্ৰৱন্ধক ড০ পূৰ্ণানন্দ কোৱঁৰ উপস্থিত থাকে।

You might also like