ড০ পার্থসাৰথি মহন্ত
‘উঃ কি অৱস্থা৷’
‘এনেকেও এটা অফিচ চলিব পাৰেনে?’
‘ইমান ডাঙৰ অর্গেনাইজেচন এটা৷ কেনেকৈ চলি আছে এনেকৈ?’
‘ভগৱান আছে দেই৷ সেই কাৰণেহে চলি আছে৷’
আমাৰ প্রায়খিনিৰেই চিনাকি মন্তব্য৷ এটা পদ বা পদবীলৈ নতুনকৈ বদলি হৈ অহাজনৰ মন্তব্য৷ কাৎচিতহে আগৰজনক সমালোচনা নকৰা এজন ওলায়৷ চৰকাৰী–বেচৰকাৰী, ৰাজহুৱা-ব্যক্তিগত, ক্ষুদ্র ইউনিট–বৃহৎ কর্প’ৰেট যি অনুষ্ঠান-প্রতিষ্ঠান– নহওক কিয় এনে লোকৰ অভাৱ নাই৷
কি এই মানসিকতা?
অসাধাৰণ৷ মই অসাধাৰণ৷ মই আনতকৈ পৃথক৷ এটা অলপ গুৰুত্বপূর্ণ পদ পালেই আমাৰ অনুভৱ৷ আমি ভাবোঁ যে সাংঘাতিক কিবা এটা অর্জন কৰিলোঁ৷ গতিকে মই নিজকে ব্যতিক্রমী হিচাপে উপস্থাপন কৰিব লাগিব৷ সেয়েহে পোনতে মই দেখুৱাব লাগিব মোৰ আগতে যিসকল এই পদবী বা দায়িত্বত থাকি গৈছে তেওঁলোক প্রকৃততে যোগ্য নাছিল৷ কিবা এটা ভাগ্যৰ বলত বা কিবা এটা বিশেষ পৰিস্থিতিতহে যেন তেওঁলোকে সেই দায়িত্ব পাইছিল৷ গতিকে মোৰ কার্যকালক নির্দিষ্ট কৰি দেখুৱাব লাগিব মোৰ নেতৃত্বত গ্ল’ৰিফাই কৰিবলৈ৷ তাৰ পাছত মোৰ পূর্বসূৰীৰ সকলো ভাল কাম নস্যাৎ কৰিব লাগিব৷ তেতিয়াহে দেখুৱাব পাৰিম– ময়েই পৰিৱর্তন আৰু উন্নয়নৰ সূচনাকাৰী৷ মোৰ আধিপত্য ক্রমাৎ বাঢ়ি যায়, মানে মই বঢ়াই নিওঁ৷ মই এনে এটা ধাৰণাৰ সৃষ্টি কৰোঁ–মই অনিবার্যভাৱে অপৰিহার্য৷
কিন্তু এই দপ্দপাই থকা ব্যক্তিত্বত লুকাই থাকে এক নিৰাপত্তাহীন সত্তা৷ এই নতুনজনৰ মনত সোমাই থাকে পূর্বসূৰীৰ প্রতি এক ভীষণ সমীহ৷ পূর্বসূৰীৰ সৈতে হ’ব পৰা ৰিজনিলৈ তেওঁলোকে ভয় কৰে৷ সেয়েহে তেওঁলোকে অতীজৰ ভাল কামবোৰ নিষ্ফল কৰিব খোজে৷ তাকে কৰি তুলনাৰ মাপকাঠীডাল তেওঁলোকে নিম্ন কৰিব খোজে৷ কাৰণ তেওঁলোকে নিজকে নিজৰ মনত পূর্বসূৰীৰ সৈতে তুলনা কৰি থাকে৷ অতীতৰ ভাল কামৰ খতিয়ানখনত দাগ লগাই তেওঁলোকে নিজা খতিয়ানখন ভাল দেখা কৰিব খোজে৷
নিশ্চিতকৰণ পক্ষপাত৷ মই এটা ধাৰণা বা বিশ্বাস সৃষ্টি কৰিব খুজিছোঁ৷ এই ধাৰণা বা বিশ্বাসটো সত্য বুলি প্রতিপন্ন কৰিবলৈ মই এনে কিছুমান তথ্য সংগ্রহ কৰিম যে মই যি ক’ব খুজিছোঁ সেয়াই প্রতীয়মান হয়৷ গতিকে নিজে ভাল কাম কৰাতকৈ এই নতুনজন লাগি যায় অতীতৰ দোষ খোঁচৰাত৷ পালেতো হৈ গ’ল, নাপালেও কথা নাই৷ তথ্য এনেদৰে উপস্থাপন হ’ব যে পজিটিভ কেতিয়া নিগেটিভ হৈ যাব কোনেও বুজিয়েই নাপাব৷
এনে বহু নতুনৰ মনত এটা ধাৰণা থাকে যে অতীতত হোৱা ভুলবোৰ শুধৰাবলৈ তেওঁক এই দায়িত্বলৈ অনা হৈছে৷ কোনেও তেওঁক একো নকয়, তেওঁ নিজেই ভাবি লয়৷ আৰু লাগি যায় অতীত খোঁচৰাত৷ ভালক বেয়া কৰিবলৈ৷
প্রতিযোগিতা৷ ভালো, বেয়াও৷ কাৰণ প্রচেষ্টাটো চকুত নপৰালৈকে কোনে কাৰ লগত প্রতিযোগিতা কৰি আছে কোনেও নাজানে৷ এটা অর্গেনাইজেচনত প্রায় সমপর্যায়ৰ অনেক লোক থাকে৷ দেখাত এটা টীম, কিন্তু প্রতিযোগিতা থাকে মনত৷ কোনেও দেখা নাপায়৷ অর্গেনাইজেচনৰ পদবিলাক ইফাল–সিফাল হৈ থাকে৷ কোনোবা আজি এটা দায়িত্বত, কাইলৈ আন এটাত৷ মই আনতকৈ বেছি ভাল বুলি দেখুৱাব খোজাজনে সুবিধা পালেই এই চেষ্টা চলায়৷ তেতিয়াহে তেওঁৰ মনত লুকাই থকা প্রতিযোগিতা চকুত পৰে৷ তাকে কৰি তেওঁ চেষ্টা কৰে ঊর্ধ্বতন কর্তৃপক্ষৰ ওচৰ চাপিবলৈ৷ কাৰণ তেওঁৰ চূড়ান্ত লক্ষ্য হ’ল সর্বোচ্চ কর্তৃপক্ষৰ প্রিয়পাত্র হোৱা৷
নেট ৰিজাল্ট– অর্গেনাজেচনটোৰ সদস্যসকলৰ বিশেষকৈ কনিষ্ঠসকলৰ মনোবল ভাগি যায়৷ এই নতুনজন নহালৈকে তেওঁলোকে আগৰসকলৰ নেতৃত্বতে কাম কৰিছিল৷ ভাল কামেই কৰিছিল৷ এতিয়া এই নতুনজনৰ গোটেইবোৰ ধূলিসাৎ কৰি দিব খোজা প্রৱণতাই তেওঁলোকৰ মন ভাগি পেলায়, তেওঁলোকক হতাশ কৰি পেলায়৷ বিপন্ন হৈ পৰে সাংগঠনিক সংহতি৷ এই প্রৱণতাৰ কাৰণে হঠাৎ বন্ধ হৈ যায় ভাল কাম৷ সময় আৰু সম্পদ নষ্ট হোৱাৰ লগতে সংগঠনটোৱে হেৰুৱায় ভাল কাম কৰাৰ সুযোগ৷ লগতে কমি যায় পাৰস্পৰিক বিশ্বাস৷ সদস্যসকলে ভাবিবলৈ আৰম্ভ কৰে– কালি কৰাখিনি আজি বেয়া হৈ গ’ল৷ আজি কৰাখিনি কাইলৈ কি হ’ব?
কোনোবা যদি আন এটা অর্গেনাইজেচনৰ পৰা এইটো অর্গেনাইজেচনলৈ আহিল– তেতিয়া কথা আৰু বিষম হ’ব পাৰে৷ এনে নতুন থাকে যি আনকি কেৱল পূর্বসূৰীৰেই নহয়, গোটেই অর্গেনাইজেচনটোকে তুচ্ছ–তাচ্ছিল্য কৰে৷ তেওঁলোকে ভাবে যে কর্তৃত্বৰ জোৰত সকলো কৰিব পাৰি আৰু কৰি ল’ব৷ তেওঁলোকে উপলব্ধিয়েই নকৰে যে এই আচৰণে সম্পূর্ণ ৰূপে ভাঙি পেলায় কর্মীবৃন্দৰ মনোবল৷ তেওঁলোকৰ প্রতি কর্মীবৃন্দৰ সঁহাৰি হ’ল সম্পূর্ণ যান্ত্রিক৷ কেৱল চাকৰি বচাবৰ কাৰণে৷
এইটোও ঠিক যে অতীতত হোৱা প্রতিটো কামেই শুদ্ধ নহয়৷ সম্পৰীক্ষা কৰিলেহে ব্যৱহাৰিক উপযোগিতা উপলব্ধি কৰিব পাৰি৷ সম্পৰীক্ষা কৰিবলৈও সাহস লাগে৷ অতীতত কোনোবাই সেই সাহস কৰিছে৷ ভুল বুলিয়েই ওলাওক৷ কিন্তু নতুনক সেই ভুল কৰাৰ পৰা বচাই গ’ল৷ নতুন হ’ব লাগে কৃতজ্ঞ৷ নেতিবাচক সমালোচক নহয়৷
পূর্বসূৰীয়ে গঢ়ি থোৱা ভেটিত নতুনে সাজিব লাগিব অট্টালিকা৷
ফোনঃ ৯৪৩৫০–৪৮৪৮০