নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ : পুনুৰাম কলিতাৰ গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২০ জুন : খৈৰাবাৰী সাহিত্য সভা আৰু সদৌ অসম লেখিকা সমাৰোহৰ খৈৰাবাৰী শাখাৰ উদ্যোগত আয়োজিত ৫৫সংখ্যক বিষ্ণু ৰাভা দিৱসৰ মুকলি সভাত আজি বিশিষ্ট সাহিত্যিক পুনুৰাম কলিতাৰ পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। খৈৰাবাৰী সংগীত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত গ্ৰন্থকেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড° দীপক চৌধুৰীয়ে। দুই কুৰিৰো অধিক গ্ৰন্থৰ স্ৰষ্টা লেখক-সাহিত্যিক পুনুৰাম কলিতাৰ আজি উন্মোচিত গ্ৰন্থকেইখন হ’ল- মৰহা ফুলৰ সুবাস (উপন্যাস), অলংকাৰ (চুটিগল্প), পুৰাণৰ সাধু (পৌৰাণিক কাহিনী), ভক্তিৰ মাহাত্ম্য (ভক্তিমূলক গ্ৰন্থ ), আৰু প্ৰৱন্ধ মালিকা (প্ৰৱন্ধ পুথি)। গ্ৰন্থ উন্মোচন কৰি অধ্যাপক ড° চৌধুৰীয়ে চুটি গল্পৰ বৈশিষ্ট্য সমুহ উল্লেখ কৰি কয় যে মানুহৰ দৈনন্দিন জীৱনৰ খণ্ড চিত্ৰ সমুহ পঢ়ুৱৈৰ হৃদয় চুই যোৱাকৈ চিত্তাকৰ্ষক ৰূপত তুলি ধৰিব পৰাটোতেই নিহিত হৈ থাকে চুটি গল্প লেখকৰ দক্ষতা। সভাত ভাগ লৈ খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হেমন্ত কুমাৰ দাসে বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে এক সুকীয়া শিল্পী সত্তা আৰু অনন্য প্ৰতিভাৰ অধিকাৰী ৰাভা আছিল প্ৰকৃতাৰ্থত সৰ্বহাৰাৰ মুক্তিৰ হকে গান গোৱা গণ শিল্পী। খৈৰাবাৰী সাহিত্য সভাৰ সভানেত্ৰী জয়মতী ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত লেখিকা সমাৰোহৰ খৈৰাবাৰী শাখাৰ সভানেত্ৰী গীতিকা চহৰীয়া, অঁনাতাৰ শিল্পী গোলাপী কুমাৰ, ৰামধেনু সাহিত্য চক্ৰৰ সম্পাদক গজেন হাজৰিকা, খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ স্বত্তাধীকাৰী পতি ৰাম বড়ো, সাহিত্য সংগঠক দিলীপ বৰুৱা, সাংবাদিক হেমন্ত কলিতা, শিক্ষক কমল ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এটা বৃন্দ গানেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে খৈৰাবাৰী সাহিত্য সভাৰ সম্পাদক প্ৰণব শৰ্মাই। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পতাকা উত্তোলন কাৰ্যসূচী সমাপনৰ পিছতে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিকৃতিৰ সন্মুখত মাল্যাৰ্পণ কৰে সাংস্কৃতিক কৰ্মী পুৱা ৰাম ডেকাই। এই উপলক্ষে অনুষ্ঠিত বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰাখী ৰাভাই। আনহাতে চিন্ময় জ্যোতি বড়ো আৰু চুইটী কলিতাই অধিকাৰ কৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like