বাংলাদেশক হৰুৱাই ছেমিফাইনেল নিশ্চিত ভাৰতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জুনঃ বাংলাদেশক হৰুৱাই চলিত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত প্রৱেশৰ পথ প্রশস্ত কৰিছে টীম ইণ্ডিয়াই৷ এণ্টিগুৱাত অনুষ্ঠিত ছুপাৰ এইটৰ নিজৰ গ্রুপৰ মেচখনত বাংলাদেশক ৫০ ৰানত পৰাস্ত কৰি ছেমিফাইনেলৰ আশা সজীৱ কৰে ভাৰতে৷ টছত পৰাজিত হৈ বেটিঙৰ আমন্ত্রণ লাভ কৰা ভাৰতে নির্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্রহ কৰে৷ এয়াই আছিল চলিত বিশ্বকাপত টীম ইণ্ডিয়াৰ সর্বোচ্চ ৰান৷ ভাৰতৰ হৈ সফল বেটাৰ ৰূপে পৰিগণিত হয় হার্দিক পাণ্ডিয়া৷ তেওঁ মাত্র ২৭টা বলত ৫০ ৰানৰ এটি অপৰাজিত ইনিংছ উপহাৰ দিয়ে৷ অৱশ্যে ৰানৰ বাবে সংগ্রাম কৰিবলগীয়া হয় কেৱল সূর্যকুমাৰ যাদৱে৷ বেটিং মুকলি কৰি অধিনায়ক ৰোহিত শর্মাই ১১টা বলত ২৩ ৰান কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ মেচখনত ছন্দ বিচাৰি পায় বিৰাট কোহলিয়েও৷ প্রথমৰ পৰাই আগ্রাসী বেটিং কৰা কোহলিয়ে বিশ্বকাপৰ প্রথম চাৰিখন মেচত ২৯ ৰান কৰিলেও আজি ২৮টা বলত ৩৭ ৰান সংগ্রহ কৰে৷ তেওঁৰ এই ইনিংছটোত আছিল এটা চাৰি আৰু তিনিটা ছয়৷ উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টৰ বেটৰ পৰা আহে ৩৬ ৰান৷ তেওঁ ২৪টা বলত এই ইনিংছটো উপহাৰ দিয়ে৷ কিন্তু সূর্যকুমাৰে মাত্র দুটা বল খেলি ৬ ৰানত বিদায় লয়৷ পঞ্চম উইকেটত হার্দিক পাণ্ডিয়াৰ সৈতে শিৱম ডুবেই ৫৩ ৰান যোগ দিয়ে৷ ডুবেই সংগ্রহ কৰে ২৪টা বলত ৩৪ ৰান৷ অৱশ্যে হার্দিকৰ আগ্রাসী বেটিঙৰ বাবে ভাৰতে শক্তিশালী স্থিতিত উপনীত হয়৷ ইনিংছৰ অন্তিমটো বলত অর্ধশতৰান পূর্ণ কৰা পাণ্ডিয়াই ২৭টা বলত চাৰিটা চাৰি আৰু তিনিটা ৬ৰ সহায়ত অপৰাজিত ইনিংছটো খেলে৷ প্রত্যুত্তৰত কঠিন লক্ষ্য সন্মুখত লৈ বাংলাদেশে নির্ধাৰিত অভাৰত ৮টা উইকেট হেৰুৱাই ১৪৬ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ অ’পেনাৰ লিটন দাসে ১৩ ৰান কৰি আউট হোৱাৰ পিছত টানজিদ হাছানে ২৯ আৰু অধিনায়ক নাজমল হুছেইন শান্তই ৪০ ৰান সংগ্রহ কৰে৷ এটা সময়ত তেওঁ দৃঢ়তাপূর্ণ বেটিঙেৰে প্রত্যাহ্বান সৃষ্টি কৰিছিল যদিও তেওঁ আউট হোৱাৰ লগে লগে দলটোৰ বিজয়ৰ আশা নির্বাপিত হয়৷ বিশেষকৈ মধ্যক্রমৰ বেটাৰসকল ব্যর্থ হোৱাত দলটোৱে লক্ষ্যত উপনীত হ’ব নোৱাৰিলে৷ ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱে ৪ অভাৰত ১৯ ৰান দি তিনিটা উইকেট দখল কৰে৷