নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ কামিনছৰ হেটট্ৰিক

🎯বাংলাদেশৰ বিৰুদ্ধেও অৰ্জন কৰিছিল হেটট্ৰিক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ জুনঃ চলিত টি-২০ বিশ্বকাপত আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছুপাৰ-৮ৰ মেচত ইতিহাস সৃষ্টি কৰে পেট কামিনছে। টি-২০ বিশ্বকাপত দুটা হেট্ৰিক কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে তেওঁ। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ লাছিথ মালিংগায়ো দুটা হেটট্ৰিক লৈছে। কামিনছৰ মাৰাত্মক বলিঙৰ ভিত্তিত অষ্ট্ৰেলিয়াই আফগানিস্তানক ১৪৮ ৰানৰ স্ক’ৰত সীমাবদ্ধ কৰি ৰাখিছিল যদিও আফগান বাহিনীৰ হাতত পৰাস্ত হয়। পেট কামিনছে, কৰিম জনত, গুলবাদিন নাইব আৰু ৰছিদ খানক আউট কৰি হেটট্ৰিক অৰ্জন কৰে। ইয়াৰ লগে লগে টি-২০ বিশ্বকাপত দুটা হেট্ৰিক কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে কামিনছ। টি-২০ ইণ্টাৰনেশ্যনেল ফৰ্মেটত একেৰাহে দুটা হেট্ৰিক কৰা প্ৰথমজন বলাৰ।

You might also like