নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস সৃষ্টিৰে টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত আফগানিস্তান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জুনঃ ২০২৪ চনৰ টি-২০ বিশ্বকাপত ছেমিফাইনেলত প্ৰৱেশ কৰি আফগানিস্তানে ইতিহাস সৃষ্টি কৰিছে। ডাক ৱৰ্থ-লুইছ পদ্ধতিৰ অধীনত বাংলাদেশক ৮ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হয় আফগানিস্তান। আফগানিস্তানৰ এই জয়ৰ লগে লগে অষ্ট্ৰেলিয়াৰ ছেমিফাইনেলত প্ৰৱেশৰ সপোন ছিন্নভিন্ন হৈ পৰিল। প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰে আফগানিস্তানে। প্ৰতিযোগিতাখনত আফগানিস্তানে অতি ভাল ফৰ্মত দেখা দিছিল। এই বিশ্বকাপত আফগানিস্তানে উগাণ্ডাৰ বিৰুদ্ধে জয় লাভ কৰি নিজৰ অভিযান আৰম্ভ কৰিছিল। তাৰ পিছত দলটোৱে নিউজিলেণ্ডক পৰাস্ত কৰে। একেদৰে আফগান দলটোৰ বিজয়ৰ ধাৰা অব্যাহত আছিল আৰু এতিয়া তেওঁলোকে ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। এতিয়া ২৭ জুনত ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব আফগান দলটোৱে। আফগানিস্তানে ছুপাৰ-৮ মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছতহে দলটোৰ ছেমিফাইনেলত প্ৰৱেশৰ আশা বাঢ়িল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত আফগানিস্তানে বাংলাদেশক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিবলগীয়া হৈছিল আৰু দলটোৱে ঠিক তেনেকুৱাই কৰিছিল। ছুপাৰ-৮ত দুটা জয়ৰে আফগানিস্তানে গ্ৰুপ-১ৰ পৰা ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। গ্ৰুপ-১ৰ পৰা ভাৰতৰ পিছতে আফগানিস্তানে ছেমিফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়।

You might also like