নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ ৰাজ্যসভাৰ তৃতীয়খন আসনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত কোনো ভয়-ভাবুকিয়ে ৰোধ কৰিব নোৱাৰে বিৰোধী শিবিৰক । মঙলবাৰে অসম চৰকাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এআইইউডিএফ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব লগীয়া ৰাজ্যসভাৰ সদস্যৰ সন্দৰ্ভত কৰা মন্তব্যৰ পিচতেই এইদৰে উল্লেখ কৰে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে । যিহেতু ৰাজ্যত বিৰোধী বুলি কংগ্ৰেছ আৰু এআইইউডিএফ দুটা দলেই আছে গতিকে এইক্ষেত্ৰত ‘কা’বিৰোধী আৰু অসমীয়া জাতিৰ সপক্ষত থকা এজন প্ৰাৰ্থীকেই দুয়োটা দলে প্ৰক্ষেপ কৰিব বুলি কয় আমিনুল ইছলামে ।