বাংলাদেশৰ পৰা আহি পশ্চিমবংগত বাস কৰিছে তেওঁলোক ভাৰতীয় নাগৰিকঃ মমতা বেনাৰ্জী
নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ ‘কা’ ক লৈ বিতৰ্ক চলি থকাৰ মাজতে মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। পশ্চিমবংগৰ দিনাজপুৰ জিলাৰ এখন সভাত মন্তব্য কৰিছে যে যি সকল লোক বাংলাদেশৰ পৰা আহিছ সেই সকল ভাৰতীয় লোক। ইতিমধ্যেই তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। নতুনকৈ নাগৰিকত্ব আবেদন কৰাৰ প্ৰয়োজন নাই। আপোনালোক নিৰ্বাচনত ভোট দিয়ে, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নিৰ্বাচন কৰি আছে। এতিয়া তেওঁলোকে কৈ আছে আপোনালোক ভাৰতীয় নাগৰিক নহয় সেইসকল লোকক বিশ্বাস নকৰিব।
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এজনো ব্যক্তিক পশ্চিমবংগৰ পৰা বাহিৰলৈ যাব নিদিয়ে। পশ্চিম বংগক বাস কৰা সকলো শৰনাৰ্থীয়ে নাগৰিকত্ব লাভ কৰিব।