নিয়মীয়া বাৰ্তা, ৪ মার্চঃ স্বাধীনতা সংগ্রামত শতবর্ষীয় মুক্তিযোদ্ধা এইচ এছ ড’ৰেস্বামীক পাকিস্তানী এজেণ্ট আখ্যা দিয়া কর্ণাটকৰ বিজেপি বিধায়ক বাসনাগৌড়া পাটিল য়াটনলৰ মন্তব্যক লৈ উত্তাল হৈ পৰে ৰাজ্যখনৰ বাজেট অধিৱেশন৷ বিজেপি বিধায়কৰ এই মন্তব্যৰ বিষয়টো বিৰোধী দলপতি সিদ্ধাৰামায়াই সদনত উত্থাপন কৰিব বিচাৰোতেই শাসক–বিৰোধীৰ মাজত বাকযুদ্ধ চলে আৰু সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ উল্লেখ্য যে বিজেপিৰ বিধায়ক য়াটনলে শতবর্ষীয় মুক্তিযোদ্ধা ড’ৰেস্বামীক ভুৱা স্বাধীনতা যুঁজাৰু আৰু পাকিস্তানী এজেণ্ট আখ্যা দিছিল৷ বিজেপি বিধায়কগৰাকীৰ এই মন্তব্যই সংবিধানৰ মর্যাদা হানি কৰাৰ লগতে মুক্তিযোদ্ধাগৰাকীক অপমান কৰা বুলি দাবী কৰি কংগ্রেছে তেনে মন্তব্যৰ বাবে চর্তহীন ক্ষমা খোজাৰ দাবী তোলাৰ লগতে বিধানসভাৰ সদস্য পদ বাতিল কৰিবলৈও দাবী জনাইছে৷ কংগ্রেছে এনে দাবী কৰিলেও শাসকীয় বিজেপিয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ৷
Prev Post