নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱাগত শিমলীতোলাত বাইকসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ৭ জুলাই : গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত নৱাগত শিমলীতোলা বজাৰত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় ৰাইজে। আজি আবেলি পৰত ৫০টাকৈ ড্ৰাগছ ভৰ্ত্তি কণ্টেইনাৰ আৰু ব্যৱহৃত এখন পালছাৰ বাইকসহ ৰাইজৰ জালত পৰে দুয়ো। ৰাইজে আটক কৰি ড্ৰাগছ সৰবৰাহকাৰী দুজনক পাছলৈ মাটিয়া আৰক্ষীক চমজাই দিয়ে। সৰবৰাহকাৰী দুজন ক্ৰমে কামৰূপৰ নগৰবেৰাৰ ৰংগেশ্বৰী গাঁৱৰ ইলিবৰ ৰহমান আৰু বৰপেটাৰ আলোপতি মাজৰচৰৰ ইনামুল হক। ঘটনাস্থলীত মাটিয়া আৰক্ষী উপস্থিত হয় আৰু ধৃত দুই ড্ৰাগছ পেডলাৰক থানালৈ নিয়াৰ দিহা কৰে। স্মৰ্ত্তব্য যে দীৰ্ঘদিনৰে পৰা বজাৰখন যেন হৈ পৰিছে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সোণালী কৰিড’ৰসদৃশ। আৰক্ষী যদি ডালে-ডালে নিচাজাতীয় সামগ্ৰীৰ সতে জড়িতসকল পাতে-পাতে। তাৰ মাজতেই ৰাইজৰ জালত পৰে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী যুৱক আৰু জব্দ কৰা হয় ব্যৱহৃত পালচাৰ বাইক এখন। বাইকখনৰ নম্বৰ এএছ-১৫-এম-২৪৪৯।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like