নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত কৃতী শিক্ষাৰ্থীক অভিনন্দন বীৰ লাচিত সেনাৰ

🎯 শৈক্ষিক ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ১৯ বিদ্যালয়ক সম্বৰ্ধনা জ্ঞাপন

🎯 সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণৰ যো-জা

নিয়মীয়া বাৰ্তা, ৮ জুলাই : বৃহত্তৰ বৰহোলা অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় চাৰি শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে কালি বীৰ লাচিত সেনাই বৰ্ণাঢ্য কাৰ্যসূচীৰে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। বীৰ লাচিত সেনা অসমৰ বৰহোলা নগৰ সমিতিৰ উদ্যোগত আৰু বেকাজান শাখা সমিতিৰ সহযোগত বৰহোলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোৰ মুকলি সভাৰ সভাপতিত্ব কৰে সংগঠনটোৰ বৰহোলা নগৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মানৱজ্যোতি গগৈয়ে।‌ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাৰ উদ্দেশ্যে বাখ্যা আগবঢ়ায় সংগঠনটোৰ বৰহোলা নগৰ সমিতিৰ উপ-সভাপতি প্ৰকাশ জ্যোতি দাসে। আদৰণী ভাষণ প্ৰদান কৰে নৱজ্যোতি নেওগে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰণ্টু পানীফুকন উপস্থিত থাকি কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ আগত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি আগবঢ়োৱা ভাষণেৰে সভা উদ্বোধন কৰে। ইয়াৰ পিছতে এটি আকৰ্ষণীয় নাগাৰা নাম পৰিৱেশনে উপস্থিত ৰাইজক আপ্লুত কৰে। সভাত বৰহোলা মহাবিদ্যালয়ৰ প্ৰশাসনিক উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দীঘলীয়া বক্তব্য প্ৰদান কৰে। সভাত সন্মানীয় অতিথি হিচাপে বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতিৰ সভাপতি আদিত্য সাগৰ পানী ফুকন, তিতাবৰ সমষ্টি আঞ্চলিক সমিতিৰ সভাপতি চানী ৰাজখোৱা, সচিব মানসজ্যোতি বৰা, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ থানুৰাম শইকীয়া, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ যুটীয়া বিত্ত সচিব দেৱজিৎ ৰাজখোৱা, যোৰহাট আঞ্চলিক সমিতিৰ সাংগঠনিক সচিব শিশিৰ কুমাৰ দাস, সমাজকৰ্মী নবীন হাজৰিকা আদি উপস্থিত থাকি কেইবাজনে বক্তব্য প্ৰদান কৰে। সভাৰ অতিথিসকলক চেলেং, স্মাৰক আদিৰে আদৰণী জনায় সংগঠনটোৰ কৰ্মীসকলে। সভাত বৰহোলা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োৱা ১৯খনৰো অধিক বিদ্যালয়ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বৰহোলাত বীৰ লাচিত সেনাই প্ৰথমবাৰৰ বাবে আয়োজন এই বৃহৎ অনুষ্ঠানটোত প্ৰায় চাৰি শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰি উৎসাহিত কৰা কাৰ্যক বহুজনে শলাগ লয়। বিশেষভাৱে সক্ষম তথা মেধাবী ছাত্ৰ কৃষ্ণ কমল কছাৰীকো সংগঠনটোৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি উৎসাহিত কৰে। বীৰ লাচিত সেনা অসমৰ বৰহোলা নগৰ সমিতিৰ মুখ্য সচিব হেমন্ত বৰা, বেকাজান শাখাৰ সভাপতি দিপাংকৰ দত্ত, বৰহোলা নগৰ সমিতিৰ বিষয়ববীয়া ক্ৰমে বসন্ত গগৈ, সোমেন বড়া, তৰুণ সোণোৱাল, ত্ৰিনয়ন সোণোৱাল, পল্লৱ দাস, জিণ্টু ভৰালী, বিতু দাস, শ্ৰীমন্ত দাস, পাপৰি কছাৰী, দিপালী পাতৰ, নৱনীতা গগৈ, তিতাবৰ নগৰ সমিতিৰ আদিত্য বৰগোহাঁই, লাচিত দাস আদি কেইগৰাকীৰ একক প্ৰচেষ্টাত সফলতাৰে সম্পন্ন হয় অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচী। শেষত লোচন শইকীয়াৰ শলাগৰ শৰাই আৰু জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰি পৰে। অনুষ্ঠানটোত সহযোগিতা আগবঢ়োৱা সকলোকে আয়োজকসকলে সংবাদ মাধ্যমৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপনৰ লগতে স্নাতক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শীঘ্ৰে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে।

প্ৰেৰক অজয় শইকীয়া

You might also like