নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান শিবিৰত আশ্ৰয় লোৱা লোকৰ বাবে ফেন প্ৰদান জোনাইৰ উজ্জ্বল লাগাছুৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই : জোনাইৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ৷ জোনাইৰ বানাক্ৰান্ত ৰাইজৰ সুবিধাৰ বাবে আশ্ৰয় শিবিৰত থকা পৰিয়ালসকলৰ মাজত প্ৰদান কৰিলে চিলিং ফেন৷ জোনাই নেপালবস্তি গাঁও নিবাসী তথা জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উজ্জ্বল লাগাছুৱে আজি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা বান শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ মাজত ফেন বিতৰণ কৰি দেখুৱালে এই প্ৰশংসনীয় পদক্ষেপ। যুৱকজনে সোমবাৰে পুৱাই বান শিবিৰত উপস্থিত হয় বান শিৱিৰৰ তত্ত্বাৱধায়ক তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰানজিত পেগুৰ হাতত চিলিং ফেন সমূহ প্ৰদান কৰে৷ জোনাই ৰাজহ চক্ৰৰ অৰ্ন্তগত শিৱগুৰিত বানে বিধ্বস্ত কৰাত মহকুমা প্ৰশাসনে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিৱিৰলৈ অনা হয়৷ যোবা এসপ্তাহে এই বান শিৱিৰত আশ্ৰয় লোবা বানাক্ৰান্ত ৰাইজে গৰমত কিছু অসুবিধা পোৱা বুলি জানিব পাৰি প্ৰাক্তন ছাত্ৰ নেতা তথা উদীয়মান সাংস্কৃতিক কৰ্মী উজ্জ্বল লাগাছুৱে সোমবাৰে কেইবাখনো চিলিং ফেনসমূহ প্ৰদান কৰে৷ যুৱকজনৰ এই কাৰ্যক প্ৰশংসা কৰে বানাক্ৰান্ত ৰাইজে৷

প্ৰেৰক কৰবী দলে

You might also like