নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ৬ বছৰীয়া শিশু

নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ ৰূপহীহাটৰ মাগুৰমাৰীত আজি দুপৰীয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ বন্যা কঢ়িয়াই আনিছে। এখন তীব্ৰবেগী ই-ৰিক্সাৰ খুন্দাত থিতাতে নিহত হয় ৬ বছৰীয়া শিশু ছাদিকুল ইছলামৰ। জানিব পৰা মতে ঘৰৰ চৌহদত খেলি আছিল শিশু ছাদিকুল ইছলাম৷ সেই সময়ত লৰিৰমুখৰ পৰা মাগুৰমাৰী অভিমুখে আহি থকা অৱস্থাতে এখন তীব্ৰবেগী ই-ৰিক্সাই নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে থকা বাঁহৰ বেৰ ভাঙি প্ৰচণ্ড গতিত খুন্দিয়াৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় শিশু ছদিকুল ইছলাম৷ আহত শিশুটিক অতি সংকটজনক অৱস্থাত ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ কাৱৈমাৰী নুৰুল হুছেইন এফ আৰ ইউলৈ যায় যদিও মৃত্যু হয় ছাদিকুল ইছলামৰ। মৃত্যু হোৱা শিশু ছাদিকুল ইছলামৰ ঘৰ মাগুৰমাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংগঠিত কৰা ই-ৰিক্সা চালকজনক ৰাইজে আটক কৰিবলৈ সক্ষম হয় যদিও অতি কৌশলে চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাস্থলীত কাৱৈমাৰী আৰু ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like