নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিৰ সহঃ মালিকানাধীন ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে গোচৰ

🔹 বেংগালুৰুত বিনা অনুমতিত অতিৰিক্ত সময় খোলাৰ অভিযোগ

বিশেষ বাৰ্তা, ১০ জুলাই : কর্ণাটকৰ বেংগালুৰুত বিনা অনুমতিত অতিৰিক্ত সময় খুলি ৰখাৰ অভিযোগত ক্রিকেট তাৰকা বিৰাট কোহলিৰ সহঃ মালিকানাধীন ১৮ কমিউন নামৰ ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ কোহলিৰ সহঃ মালিকানাধীন ৰেষ্টুৰেণ্টখনৰ লগতে আন চাৰিখন প্রতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বেংগালুৰু আৰক্ষীয়ে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, নিশা ১ বজাত ৰেষ্টুৰেণ্টকেইখন বন্ধ কৰিব লাগে যদিও আৰক্ষীয়ে অভিযান চলাওঁতে কোহলিৰ সহঃ মালিকানাধীন ৰেষ্টুৰেণ্টসহ চাৰিখন প্রতিষ্ঠান উক্ত সময় অতিক্রম কৰি যোৱাৰ পাছতো কেইবাঘণ্টা ধৰি খোলা আছিল৷ বিনা অনুমতিত এনেদৰে ৰেষ্টুৰেণ্ট খুলি ৰখাৰ বাবে মধ্য বেংগালুৰুৰ কুবন পার্ক আৰক্ষী থানাই ৰেষ্টুৰেণ্টকেইখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ কর্ণাটক আৰক্ষী আইনৰ অধীনত এই গোচৰ ৰুজু হৈছে৷

You might also like