ধুবুৰীৰ আশ্ৰয় শিবিৰত বন্যাৰ্তৰ খবৰ লবলৈ আহৰি নাই স্থানীয় বিধায়ক-সাংসদৰ
🎯 ৰিলিফ যথাযথভাৱে বিতৰণ নোহোৱোৰো অভিযোগ বন্যাৰ্তৰ
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ধুবুৰীত বৰলুইতৰ জলস্তৰ পূৰ্বতকৈ কিছু হ্ৰাস পাইছে যদিও বৰ্তমানেও বিপদসীমাৰ ৮৭ ছেন্টিমিটাৰ ওপৰেদি বৈ আছে নৈখন। ফলত ধুবুৰীৰ চহৰৰ বহু নৈপৰীয়া আৰু চৰাঞ্চলৰ ৰাইজে এতিয়া থাকিবলগীয়া হৈছে বিভিন্ন ত্ৰাণ শিবিৰত। উল্লেখ্য যে, বৰ্তমানেও ধুবুৰী চাৰ্কেলৰ মুঠ ৮টা বান শিবিৰত বৰ্তমানেও ৬১৭গৰাকী শিশুকে ধৰি মুঠ ১৬৭১গৰাকী বন্যাৰ্ত আছে। কিন্তু তাৎপৰ্য্যপূৰ্ণ ভাবে, আজিলৈ ধুবুৰীৰ স্থানীয় বিধায়ক অথবা নৱ-নিৰ্বাচিত সাংসদগৰাকী চহৰখনৰ কোনো এটা বান শিৱিৰত উপস্থিত নহল। ফলত স্বাভাৱিক ভাবেই বান শিৱিৰত আশ্ৰয় লোৱা বহু বন্যক্ৰান্তৰ মাজত ঘটনাটোৱে সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়াৰো। ইয়াতে উল্লেখ্য যে ধুবুৰী চাৰ্কেলৰ মুঠ ৮টা বান শিৱিৰৰ ভিতৰত চহৰখনৰ ১নং ৱাৰ্ডৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিৱিৰত সৰ্বোচ্চ বন্যাক্ৰান্ত লোকে আছে। সেই শিৱিৰটোত বৰ্তমানে আছে ৩০০গৰাকী শিশুসহ মুঠ ৯০০গৰাকী লোক। কিন্তু শিৱিৰটোত নিজৰ নিজৰ গৰু-ছাগলী-ভেৰাৰ সৈতে অৱৰ্ণনীয় এক পৰিৱেশৰ মাজত বাস কৰিবলগীয়া হৈছে দূৰ্ভগীয়া সেই লোকসকলে। আনকি যথাযথ পৰিমাণে বান সামগ্ৰী আৰু অন্যান্য চৰকাৰী সাহায্য নোপোৱাৰো অভিযোগ বান শিৱিৰটোৰ বহুতোৰে। বৰ্তমানে শিৱিৰটোত থাকিবলগীয়া হোৱা ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী কুন্তীৰ চৰৰ বাসিন্দা বীন উপাধীৰ এগৰাকী বয়োজ্যেষ্ঠ লোকৰ আক্ষেপ, “বিগত ১০ দিনে দুবাৰ ত্ৰাণ সামগ্ৰী পাইছোঁ। চিকিৎসা সেৱা কেবল নামতে। আপুনি নিজেই চাওকচোন কি অৱস্থা ইয়াত। বিষয়া আহে, ৰিপোৰ্টাৰ আহে, দেখে আৰু যায়। কিন্তু শিৱিৰটোৰ অৱস্থা, পৰিৱেশৰ উন্নতি নহয়।” শিবিৰটোৰ এগৰাকী বৃদ্ধা এতিয়া বিপাঙত নিজৰ পোহনীয়া ছাগলী ৮জনীক লৈ। “চাওকচোন কি কষ্টত আছে গৰু, ছাগলী, ভেৰাবোৰে। অমতা পশু সিহঁত। আমি বাৰু যিকোনো উপায়ে কিবা খাম, থাকিম। সিহঁত কেইটাই কি খাব”, আইতাৰ দুখ। পিছে চৰকাৰে বানপীড়িতৰ পশুৰ বাবে দিয়া পশুখাদ্য দিয়া নাই নেকি বুলি শুধা প্ৰশ্নৰ চিধা উত্তৰ তেওঁৰ, “মানুহৰ প্ৰাপ্য খিনিয়েই দিয়া নাই ভালদৰে; পশুখাদ্য কিয় দিব।” ঠিক অনুৰূপ অভিযোগ ধুবুৰী চহৰৰ সমীপৰ মাজেৰচৰৰ জাহামুদ্দিনৰ। এখন মালবাহী ঘোঁৰাগাড়ী চলাই ৮জনীয়া পৰিয়াল পোহপাল দিয়া ব্যক্তিজন এতিয়া বিপাংত। যোগাৰ কৰিব পাৰি নাই নিজৰ ঘোঁৰা দুটাৰ উপযুক্ত পৰিমাণৰ খাদ্য। প্ৰশাসনেও শিৱিৰটোত প্ৰদান কৰা পোৱা নাই কোনো পশুখাদ্য। ইপিনে ধুবুৰী চহৰৰ বাহাদূৰটাৰীৰ প্ৰসেনজিৎ দাস নামৰ অন্ধ যুৱকজনৰ আক্ষেপ, ”যাৰ গৃহত পানী নাই, বানপানী হোৱাই নাই, তেনে বহু লোকেও লৈ আছে চৰকাৰী বান সামগ্ৰী।'” লগতে যুৱকজনৰ প্ৰশ্ন, “এনে অনিয়মবোৰ প্ৰশাসনৰ চকুত নপৰে নেকি?” ঠিক অনুৰূপ অভিযোগ ধুবুৰী চহৰৰ বান পাৰৰ বাসিন্দা চৌধুৰী উপাধীৰ এগৰাকী মহিলাৰো। তেখেতৰ স্পষ্ট অভিযোগ ত্ৰাণ বিতৰণ কৰাৰ গইনা লৈ এছামে আৰম্ভ কৰিছে চুৰিকাৰ্য। কেৱল ধুবুৰী চহৰ অথবা চাৰ্কেলৰ ত্ৰাণ শিৱিৰতেই নহয়; সমগ্ৰ জিলাখনৰেই বহু ত্ৰাণ শিৱিৰতেই চৰকাৰী বান সামগ্ৰীকে ধৰি পশুখাদ্য, শিশুখাদ্য, ত্ৰিপাল আদি বিভিন্ন সামগ্ৰী যথাযথ পৰিমাণে বিতৰণ নোহোৱাৰ অভিযোগ উঠিছে। তাৰেই প্ৰেক্ষাপটত জিলাখনৰ দুখীয়া দূৰ্ভগীয়া সেই বানপীড়িত লোকসকলৰ প্ৰাপ্য সামগ্ৰী যথাযথ ৰূপে প্ৰদান কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাটো কামনা কৰিছে বহু ভুক্তভোগীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী