নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অভিনন্দন অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১১ জুলাই : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ খৈৰাবাৰী শাখাই আজি খৈৰাবাৰীত আয়োজন কৰে এক অভিনন্দন অনুষ্ঠানৰ। খৈৰাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ৭০গৰাকী মেধাৱী শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰে সংগঠনটোৱে। সংগঠনটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পলক বিশ্বাসে আঁত ধৰা উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে খৈৰাবাৰী শাখাৰ সভাপতি অঞ্জন দাসে। অনুষ্ঠানত ভাগ লৈ খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মণ্টু বসুমতাৰী কয় যে ছাত্ৰ-ছাত্ৰীসকলেই হৈছে দেশৰ শক্তি, দেশৰ সম্পদ, দেশৰ ভৱিষ্যত। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ জৰিয়তে জ্ঞান আৰু চৰিত্ৰ গঠনত গুৰুত্ব আৰোপ কৰিব লাগে; এনেদৰে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলে পালন কৰিব লাগিব নিজৰ দায়বদ্ধতা। খৈৰাবাৰী আৰু ভেৰগাঁও অঞ্চলৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী, অভিভাৱকে অংশ লোৱা এই অভিনন্দন অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজক জয়ন্ত নাথ, পূৰ্ণকালীন কাৰ্যকৰ্তা মণি হাঞ্চে, জিলা প্ৰবাসী কাৰ্যকৰ্তা টিংকু বড়োৱে অনুষ্ঠানত ভাগ লৈ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক বক্তৃতা প্ৰদান কৰে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like